জুবিন গাৰ্গ হত্যাকাণ্ডৰ জামিন বিতৰ্ক: ‘তদন্তত কোনো খুঁত নাই’ – দেৱজিৎ শইকীয়া
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ পিছতে ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰিলে মহাধিবক্তা দেৱজিৎ শইকীয়াই। দেওবাৰে এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে এই জামিনক লৈ চৰকাৰ উদ্বিগ্ন আৰু ইয়াৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত লোৱা হৈছে।

মহাধিবক্তাগৰাকীয়ে কয় যে অমৃতপ্ৰভা মহন্তৰ জামিনৰ ৰায়ত কিছু বিসংগতি পৰিলক্ষিত হৈছে। গৃহ বিভাগে তেওঁৰ পৰামৰ্শ বিচৰাৰ পিছত তেওঁ এই ৰায়ক প্ৰত্যাহ্বান জনোৱা উচিত বুলি মত দিয়ে। সেই অনুসৰি ছুটীৰ পিছত উচ্চতম ন্যায়ালয় খোলাৰ লগে লগে SLP দাখিল কৰা হ’ব। সন্দীপন গাৰ্গৰ ক্ষেত্ৰত বিশদ ৰায় এতিয়াও পৰীক্ষা কৰি থকা হৈছে।
তদন্ত সন্দৰ্ভত শইকীয়াই স্পষ্ট কৰে যে আৰক্ষীৰ তদন্তত কোনো খুঁত নাই। তদন্তকাৰী বিষয়াই সঠিকভাৱে চাৰ্জশ্বীট দাখিল কৰিছে। তেওঁ কয়, “জামিন পোৱা মানে ক্লিনচিট পোৱা নহয়।” সঠিক তদন্তৰ বাবেই শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শ্বেখৰ গোস্বামীৰ দৰে মূল অভিযুক্তই এতিয়াও জামিন পোৱা নাই।