Your Mic Your Voice

মুম্বাইৰ জুহুত গুলীচালনাৰ চেষ্টাৰ পৰা ৰক্ষা পৰিল অভিনেতা টাইগাৰ শ্ৰফ; অপৰাধীক বিচাৰি আৰক্ষীৰ অভিযান

0

বলীউড অভিনেতা টাইগাৰ শ্ৰফৰ ওপৰত মুম্বাইৰ জুহুত দেওবাৰে সন্ধিয়া সংঘটিত হৈছে ভয়ংকৰ গুলীচালনাৰ ঘটনা। অৱশ্যে এই আক্ৰমণৰ পৰা অভিনেতাগৰাকী অক্ষত অৱস্থাত ৰক্ষা পৰে।

আৰক্ষীৰ তথ্য অনুসৰি, ঘটনাটো সংঘটিত হৈছে পশ্চিম মুম্বাইৰ জুহু আৰক্ষী থানাৰ অন্তৰ্গত পুষ্পা পাৰ্কৰ সমীপত। প্ৰাথমিক তদন্তত জানিব পৰা গৈছে যে টাইগাৰ শ্ৰফে ফুটবল খেলি গাড়ীৰে উভতি আহি থকাৰ সময়তে ভিৰৰ মাজৰ পৰা ৩ জন বাইক আৰোহী দুৰ্বৃত্তই তেওঁৰ গাড়ীখনক লক্ষ্য কৰি ৩-৪ জাই গুলী ফায়াৰ কৰে।

এই গুলীচালনাত টাইগাৰ শ্ৰফৰ গাড়ীৰ চালক আৰু এজন অটো ৰিক্সা চালক আহত হয়। তেওঁলোকক ততাতৈয়াকৈ নানাৱতী হাস্পতাললৈ নিয়া হয়, পিছত চালকজনক কুপাৰ হাস্পতাললৈ স্থানান্তৰ কৰা হৈছে। টাইগাৰৰ দেউতাক জেকী শ্ৰফে নিশ্চিত কৰিছে যে তেওঁৰ পুত্ৰ সম্পূৰ্ণ সুৰক্ষিত আৰু আৰক্ষীক তদন্তত সহযোগ কৰি আছে।

unimex

ঘটনাৰ পিছতে মুম্বাই আৰক্ষীয়ে ১২ টাকৈ বিশেষ দল গঠন কৰি বিশাল অভিযান আৰম্ভ কৰিছে। অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে মুম্বাই আৰক্ষী আয়ুক্তক ফোন কৰি শীঘ্ৰে তদন্ত সম্পূৰ্ণ কৰি কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিছে।

লৰেন্স বিষ্ণোই গেঙে ল’লে দায়িত্ব?

এই আক্ৰমণৰ দায়িত্ব লৰেন্স বিষ্ণোই গেঙে লোৱা বুলি ছচিয়েল মিডিয়াত এটা ভাইৰেল পোষ্ট/অডিঅ’ বিয়পিছে। নিজকে অনিল পণ্ডিত ওৰফে আনমোল বিষ্ণোইৰ ভাই বুলি দাবী কৰা এজন ব্যক্তিয়ে কয় যে টাইগাৰ শ্ৰফক তেওঁলোকৰ সতৰ্কবাণী আওকাণ কৰি ছলমান খানৰ সৈতে কাম কৰাৰ বাবে টাৰ্গেট কৰা হৈছে।

আৰক্ষীয়ে এতিয়াও এই দাবীৰ সত্যতা নিশ্চিত কৰা নাই। উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰীতো জুহুতে পৰিচালক ৰোহিত শ্বেট্টীৰ বাসগৃহৰ বাহিৰতো একে ধৰণৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল।

Leave A Reply

Your email address will not be published.

Translate »