ৰাজ্যত পুনৰ সংঘটিত হৈছে এক শোকাৱহ ঘটনা । মহানগৰীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি ল’লে এগৰাকী সদ্য বিবাহিতাই । হেঙেৰাবাৰী লিংক ৰোডৰ হাউচ নং ৯ ত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনাটো । আৰক্ষীয়ে জনোৱা অনুসৰি মৃত্যু ঘটা নৱবিবাহিতাগৰাকীৰ নাম ৰিম্পী কলিতা । পৰিয়ালৰ লোকে জনোৱা অনুসৰি দুমাহ পূৰ্বে হিৰকজ্যোতি ডেকা নামৰ এজন যুৱকৰ সৈতে আইনী বিবাহ সম্পন্ন হৈছিল মৃত ৰিম্পীৰ ।
স্বামী হিৰক মংগলবাৰৰ দিনটোত গৈছিল সোণাপুৰস্থিত জুবিন ক্ষেত্ৰলৈ আৰু গিৰিয়েক ঘৰত নথকা সময়তে এই ঘটনা সংঘটিত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । জুবিনক্ষেত্ৰৰ পৰা ঘূৰি আহি পত্নীক মৃত অৱস্থাত দেখি হিৰক হতচকিত হৈ পৰে । ইয়াৰ পাচতে ঘটনা সন্দৰ্ভত নিশাই দিশপুৰ আৰক্ষীক স্থানীয় লোকে খবৰ দিয়ে বুলি আৰু আৰক্ষীয়ে নিশাই আটক কৰে স্বামী হিৰক জ্যোতি ডেকাক ।
লক্ষণীয় যে ভুক্তভোগী পৰিয়ালৰ লোকসকলে কিন্তু এই সমগ্ৰ ঘটনাটো আত্মহত্যাৰ পৰিৱৰ্তে পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰিছে । সংবাদ মাধ্যমৰ আগত ভুক্তভোগী পৰিয়ালে মৃত ৰিম্পীৰ মুখত আঘাতৰ চিন স্পষ্ট আছে বুলিও জনায় । এতিয়া এয়া আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড সেয়া আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাচতহে পোহৰলৈ আহিব ।