প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ভূমি বেদখলৰ অভিযোগ; বেদখলকাৰীৰ আক্ৰমণত আহত দুই আৰক্ষী জোৱান

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ভূমি বেদখলৰ চেষ্টা এটা ভূমি বেদখলকাৰী চক্ৰৰ । জানিব পৰা মতে, ২৮ বিঘা মাটি বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পৰিয়ালে । দখলৰ চেষ্টা কৰা এই মাটিখিনি মহানগৰীৰ সুন্দৰবন নগৰত অৱস্থিত । উল্লেখ্য যে ভূমি দখলৰ অভিযোগ উত্থাপন হোৱা দলটোৱে আৰক্ষীৰ দলটোক আক্ৰমণ কৰাৰ ফলত দুজন আৰক্ষী জোৱান আহত হয় ।

উল্লেখ্য যে, মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তই ভূমি বেদখলৰ অভিযোগ সন্দৰ্ভত দাখিল কৰা এজাহাৰৰ তদন্তৰ বাবে আৰক্ষীৰ এটা দলে অঞ্চলটোলৈ যায় । অভিযোগ অনুসৰি অভিযুক্ত লোকে আৰক্ষী জোৱানসকলক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । এই আক্ৰমণত দুই আৰক্ষী জোৱান চানুদেৱ বৰ্মন আৰু গৃহৰক্ষী আব্দুল কৰিম আহত হয় বুলি জানিব পৰা গৈছে ।

ঘটনাৰ পিছতে হাতীগাঁও আৰক্ষীয়ে ভূমি বেদখল আৰু আৰক্ষীৰ দলটোক আক্ৰমণৰ সৈতে জড়িত বুলি অভিযোগ উত্থাপন হোৱা আঠজন লোকক গ্ৰেপ্তাৰ কৰে । ঘটনা সন্দৰ্ভত আখতাৰ হুছেইন, নুৰজামাল মিঞা, মনোৱাৰ আলী, ইমদাদুল চৌধুৰী, মিৰ্জান আলী, মজিবুৰ হৰমন, অজয় ​​আলী আৰু মিৰাজুল আলীক গ্ৰেপ্তাৰ কৰা হৈছে ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কেইবাটাও ধাৰাত ১৭২/২৬ নং গোচৰ ৰুজু কৰিছে । অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তভূমি বেদখলহাতীগাঁও আৰক্ষী
Comments (0)
Add Comment