গুৱাহাটীত নতুন কাহিলিপাৰা আৰক্ষী থানা, দিছপুৰ থানাৰ সীমা পুনৰ নিৰ্ধাৰণ

মহানগৰবাসীৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত অসম চৰকাৰৰ। আইন-শৃংখলা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লগতে আৰক্ষী সেৱা অধিক সুসংগঠিত কৰাৰ লক্ষ্যৰে দিছপুৰ আৰক্ষী থানাৰ অধীনস্থ এলেকা পুনৰ বিভাজন কৰি গুৱাহাটীত নতুনকৈ কাহিলিপাৰা আৰক্ষী থানা স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহন কৰিছে ।

অসম আৰক্ষী আইন, ২০০৭ৰ ১১নং ধাৰাৰ অধীনত স্থাপন কৰা হ’ব নতুন আৰক্ষী থানাখন। এতিয়াৰে পৰা ওদালবাক্ৰা আৰক্ষী চকী আৰু ভগদত্তপুৰ আৰক্ষী চকী কাহিলিপাৰা আৰক্ষী থানাৰ অধীনলৈ আহিব। ইয়াৰ পূৰ্বে দুয়োখন আৰক্ষী চকী দিছপুৰ আৰক্ষী থানাৰ অধীনত আছিল আৰু পূব গুৱাহাটী আৰক্ষী জিলাৰ অন্তৰ্ভুক্ত আছিল।

চৰকাৰী অধিসূচনা অনুসৰি, পৃথক আৰক্ষী থানা ভৱন নিৰ্মাণ নোহোৱালৈকে কাহিলিপাৰা আৰক্ষী থানাখনে বৰ্তমানৰ ওদালবাক্ৰা আৰক্ষী চকীৰ চৌহদৰ পৰাই কাম-কাজ চলাব। নতুন থানাখনৰ উত্তৰ সীমা পাহাৰতলী-মৃত্যুঞ্জয় মন্দিৰ তথা ১০ম এপিবিএনৰ দ্বিতীয় গেটলৈ, দক্ষিণ সীমা কেৰাকুচিলৈ, পূব সীমা কাহিলিপাৰা-জিএমচিএইচ পথলৈ আৰু পশ্চিম সীমা শৰৎ সিংহ পথ-কৃষ্ণনগৰ চাৰিআলি-ধপলীয়া পথলৈ বিস্তৃত হ’ব।

নতুন থানা গঠনৰ সমান্তৰালভাৱে দিছপুৰ আৰক্ষী থানাৰ অধিক্ষেত্ৰতো ব্যাপক পৰিৱৰ্তন কৰা হৈছে। সংশোধিত সীমা অনুসৰি গণেশগুৰি উৰণীয়া সেতুৰ সোঁফাল, টি একচন চেণ্টাৰ, সচিবালয়, ফায়াৰ ব্ৰিগেড আৰু বতাহঘুলিৰ পৰা আৰম্ভ কৰি দক্ষিণ দিশত জয়ানগৰ চাৰিআলি, বিষ্ণু ৰাভা পথৰ বাওঁফাল আৰু বেলতলা তিনিআলিলৈ দিছপুৰ থানাৰ নতুন সীমা নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে পূব সীমাত হস্তিনাপুৰ, খানাপাৰা উৰণীয়া সেতুৰ বাওঁফাল আৰু জয়ানগৰ চাৰিআলি থাকিব। পশ্চিম সীমা উদয়াচল, খ্ৰীষ্টানবস্তি হনুমান মন্দিৰ আৰু কাহিলিপাৰা-জিএমচিএইচ পথৰ অংশ সামৰি ল’ব।

ইয়াৰ উপৰি ভগদত্তপুৰ আৰু ওদালবাক্ৰা আৰক্ষী চকীৰ বৰ্তমানৰ এলেকাসমূহৰ লগতে দিছপুৰ, ফটাশিল আমবাৰী আৰু গড়চুক আৰক্ষী থানাৰ অধীনত থকা কিছুমান নিৰ্দিষ্ট অঞ্চলৰো অধিক্ষেত্ৰ পুনৰ নিৰ্ধাৰণ কৰা হৈছে।

নতুন কাহিলিপাৰা আৰক্ষী থানা স্থাপন আৰু বিভিন্ন আৰক্ষী থানাৰ সীমা পুনৰ নিৰ্ধাৰণৰ এই সিদ্ধান্ত তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হৈছে। মহানগৰীৰ দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যা আৰু আইন-শৃংখলাজনিত প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰশাসনিক পুনৰ্গঠনে আৰক্ষী সেৱা অধিক সহজলভ্য কৰাৰ লগতে অপৰাধ নিয়ন্ত্ৰণত সহায়ক হ’ব বুলি আশা কৰা হৈছে ।

Comments (0)
Add Comment