তালাচীৰ নামত ধন সংগ্ৰহৰ অভিযোগ, নুনমাটিৰ দুই আৰক্ষী কৰ্মী নিলম্বিত

গুৱাহাটী: তালাচীৰ সময়ত এজন যুৱকৰ পৰা ধন সংগ্ৰহ আৰু দুৰ্ব্যৱহাৰৰ অভিযোগৰ পাছত নুনমাটি আৰক্ষী থানাত কৰ্মৰত উপ-পৰিদৰ্শক ধৰমৰাজ মিশ্ৰ আৰু ইউবিচি ৬৫৫ সঞ্জীত বড়োক নিলম্বন কৰা হৈছে।

জানিব পৰামতে, ৩১ আগষ্টত বৰবাৰী অঞ্চলত নাকা তালাচীৰ কৰ্তব্য পালন কৰি থকাৰ সময়ত দুয়োগৰাকী আৰক্ষী কৰ্মীৰ বিৰুদ্ধে এজন যুৱকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। অভিযোগটোত যুৱকজনক ৰখাই দুৰ্ব্যৱহাৰ কৰাৰ কথাও উল্লেখ কৰা হৈছিল।

অভিযোগটো ঊৰ্ধ্বতন আৰক্ষী কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাৰ পিছতে বিষয়টো বিভাগীয় পৰ্যায়ত পৰীক্ষা কৰা হয়। পৰৱৰ্তী সময়ত কেন্দ্ৰীয় গুৱাহাটী আৰক্ষী জিলাৰ উপ-আৰক্ষী আয়ুক্তই ১ ছেপ্টেম্বৰত দুয়োগৰাকী আৰক্ষী কৰ্মীক নিলম্বনৰ নিৰ্দেশ জাৰি কৰে।

নিলম্বনৰ নিৰ্দেশত দুয়োগৰাকী আৰক্ষী কৰ্মীৰ আচৰণক গুৰুতৰ হিচাপে উল্লেখ কৰা হৈছে। এনে আচৰণে আৰক্ষী বিভাগৰ সন্মান আৰু ভাবমূৰ্তিত প্ৰভাৱ পেলাব পাৰে বুলিও নিৰ্দেশটোত উল্লেখ কৰা হৈছে।

নিলম্বনকালত ধৰমৰাজ মিশ্ৰ আৰু সঞ্জীত বড়ো গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ আৰক্ষী ৰিজাৰ্ভৰ সৈতে সংলগ্ন হৈ থাকিব লাগিব। নিয়ম অনুসৰি নিলম্বনকালীন ভাট্টাও লাভ কৰিব তেওঁলোকে।

ইফালে, ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। তদন্তৰ জৰিয়তে অভিযোগসমূহৰ সত্যতা আৰু ঘটনাটোৰ অন্যান্য দিশ স্পষ্ট হ’ব।

Comments (0)
Add Comment