গুৱাহাটীৰ মঠঘৰীয়াত ভূমিস্খলন, একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু

গুৱাহাটী: ধাৰাবাহিক বৰষুণৰ মাজতে গুৱাহাটীৰ মঠঘৰীয়া অঞ্চলত সংঘটিত ভূমিস্খলনত একেটা পৰিয়ালৰ তিনিজন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। মৃত লোককেইজন নগেন ৰাজবংশী, মীনা ৰাজবংশী আৰু চুনু ৰাজবংশী বুলি চিনাক্ত কৰা হৈছে। ভূমিস্খলনৰ ফলত বাসগৃহটো মাটিৰ তলত পোত খোৱাৰ ফলতে এই ঘটনা সংঘটিত হয়।

ঘটনাৰ পিছতে উদ্ধাৰকাৰী দল আৰু স্থানীয় প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ধ্বংসাৱশেষ আঁতৰোৱাৰ লগতে উদ্ধাৰ অভিযান চলায়।

ইফালে, মঙলবাৰৰ পুৱাৰে পৰা গুৱাহাটীত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰীৰ কেইবাটাও অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। ফলত ব্যাহত হৈছে স্বাভাৱিক জনজীৱন আৰু যান-বাহনৰ চলাচল।

নাৰেংগী–ছয়মাইল ভিআইপি পথৰ কেইবাটাও অংশত পানী জমা হোৱাৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। বাৰবাৰী আৰু ছয়মাইলৰ মাজৰ একাংশ পথত একাঠু পৰ্যন্ত পানী জমা হোৱাৰ ফলত যান-বাহন আৰু পথচাৰীৰ চলাচল ব্যাহত হৈছে।

চানমাৰীতো পথ আৰু পদপথত পানী সোমোৱাৰ ফলত জনসাধাৰণে যাতায়াতত সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰ উপৰি পাঞ্জাবাৰী আৰু বেলতলা ছাৰ্ভে অঞ্চলতো যথেষ্ট পৰিমাণে পানী জমা হোৱাৰ খবৰ পোৱা গৈছে।

ধাৰাবাহিক বৰষুণৰ ফলত মহানগৰীৰ ভূমিস্খলনপ্ৰৱণ অঞ্চলসমূহতো আশংকা বৃদ্ধি পাইছে। প্ৰশাসন আৰু উদ্ধাৰকাৰী সংস্থাসমূহে পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে।

Comments (0)
Add Comment