পিয়াজৰ মূল্যবৃদ্ধি, কেন্দ্ৰীয় চৰকাৰৰ বিশেষ পদক্ষেপ

বৰ্তমান সময়ত বজাৰত চেনী, আলু-পিঁয়াজকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হোৰাহোৰে বৃদ্ধি পাইছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্যই জুৰুলা কৰিছে সাধাৰণ জনতাক। প্ৰতি কেজি পিয়াজৰ মূল্য প্ৰায় ৬০ টকা পৰ্যন্ত বিক্ৰী কৰা হৈছে খুচুৰা বজাৰত।

পিয়াজৰ এই বৰ্ধিত মূল্যৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। পিয়াজ উৎপাদনৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে মহাৰাষ্ট্ৰৰ নাছিকে এক গুৰুত্বপূৰ্ণ ভূমিকা দখল কৰি আহিছে। মহাৰাষ্ট্ৰৰ নাছিকতেই দেশৰ ভিতৰত সৰ্বাধিক পিয়াজ উৎপাদন হয়।

সেয়েহে কেন্দ্ৰীয় চৰকাৰে নাছিকৰ পৰা অসমসহ দেশৰ কেইবাখনো ৰাজ্যত ৰেলযোগে পৰ্যাপ্ত পৰিমাণৰ পিয়াজ যোগানৰ ব্যৱস্থা কৰিছে।

সেই অনুসৰি অহা সোমবাৰে নাছিকৰ পৰা গুৱাহাটী অভিমুখে চলাচল কৰিব ‘পিয়াজ একপেক্সচ’ নামৰ এখন বিশেষ ৰেল। এই ৰেলখন অসমৰ লগতে চেন্নাই আৰু দিল্লীলৈয়ো চলাচল কৰিব।

Comments (0)
Add Comment