ইউ-টাৰ্ণ লোৱাৰ সময়তে স্কুটীত ট্ৰাকৰ খুন্দা, থিতাতে এজনৰ মৃত্যু

গুৱাহাটী: মহানগৰীৰ ISBTত শনিবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়। জানিব পৰা মতে, ইউ-টাৰ্ণ লোৱাৰ সময়তে এখন স্কুটীক এখন ট্ৰাকে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোত স্কুটীখনত থকা লোকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু ঘটনাস্থলীতে তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ পাছতে ISBT চৌহদত কিছু সময়ৰ বাবে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়।

ইফালে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকজনৰ বিৰুদ্ধে সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে চালকজন সুৰাপান কৰি আছিল নে নাই, সেয়া চিকিৎসা পৰীক্ষা আৰু আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।

ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন জব্দ কৰাৰ লগতে ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু চালকৰ ভূমিকা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Comments (0)
Add Comment