পুনৰ জলমগ্ন গুৱাহাটী; দেওবাৰৰ পুৱাৰে পৰা দুৰ্ভোগ ভুগিছে মহানাগৰিকে

পুনৰ কৃত্ৰিম বানৰ কৱলত মহানাগৰিক । শনিবাৰৰ নিশাৰ ভাগত অহা এজাক বৰষুণৰ পাচতেই প্লাবিত হৈ পৰিছে মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল । যিয়ে দেওবাৰৰ পুৱাই ব্যাহত কৰি পেলাইছে জনজীৱন ।

ঠায়ে ঠায়ে হোৱা পানীয়ে যমৰ যাতনা ভোগাইছে নাগৰিকক । মহানগৰীৰ প্ৰায় প্ৰতিটো ৱাৰ্ড, প্ৰতিটো গলিয়ে পানীয়ে বুৰাই পেলোৱা দেখা গৈছে দেওবাৰৰ পুৱাৰ ভাগত । জু-ৰোড, হাতীগাঁও, ৰুক্মিণী নগৰ, অনিল নগৰ, নবীন নগৰ আদিকে ধৰি মহানগৰীৰ বিভিন্ন প্ৰান্তত হোৱা কৃত্ৰিম বানে জনজীৱনত নেতিবাচক প্ৰভাৱ পেলাইছে । কৃত্ৰিম বানৰ ফলত এতিয়া ঘৰতেই আৱদ্ধ হৈ থাকিবলগীয়া হৈছে মহানাগৰিক ।

সমান্তৰালভাৱে কৃত্ৰিম বানৰ ফলত মহানগৰীত সৃষ্টি হৈছে তীব্ৰ যান-জঁটৰ । ইয়াৰ লগতে পানীৰ বাবে মহানগৰীৰ ঠায়ে ঠায়ে বিকল হৈ পৰা পৰিলক্ষিত হৈছে যান-বানসমূহো । তদুপৰি ঠায়ে ঠায়ে বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰা বুলিও জানিব পৰা গৈছে ।

লক্ষণীয় বিষয় যে, গুৱাহাটী পৌৰ নিগম তথা ৰাজ্য চৰকাৰখনে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা নাইকিয়া বা হ্ৰাস কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও কাৰ্যতঃ তাৰ কোনো সুফল মহানাগৰিকে দেখিুবলৈ পোৱা নাই । বৰঞ্চ ন ন এলেকা কৃত্ৰিম বানৰ কৱলত পৰাৰ ফলত অধিক জীয়াতু ভুগিবলগীয়া হৈছে গুৱাহাটীবাসীয়ে । মহানগৰীত বৰ্ধিত এই সমস্যাই স্বাভাৱিকতেই উদ্বিগ্ন কৰি তুলিছে মহানাগৰিকক ।

Comments (0)
Add Comment