• Home  
  • বানাক্ৰান্তক সৰ্বমুঠ 1 কোটিৰ সাহাৰ্য প্ৰদানৰ আশ্বাস AIUDF শীৰ্ষ বদৰুদ্দিন আজমলৰ
- অসম

বানাক্ৰান্তক সৰ্বমুঠ 1 কোটিৰ সাহাৰ্য প্ৰদানৰ আশ্বাস AIUDF শীৰ্ষ বদৰুদ্দিন আজমলৰ

অসমৰ বান পৰিস্থিতিয়ে পৰিগ্ৰহ কৰিছে ভয়াৱহ পৰিস্থিতি । এই পৰিস্থিতি অব্যাহত থকাৰ সময়তে অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ শীৰ্ষ বদৰুদ্দিন আজমলে এই দুৰ্যোগপূৰ্ণ পৰিস্থিতিলৈ লক্ষ্য ৰাখি ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আজমল ফাউণ্ডেশ্যন । ফাউণ্ডেশ্যনে ৫০ লাখ টকাৰ আবণ্টনকে ধৰি এক কোটি টকা পৰ্যন্ত বান সাহায্যৰ পেকেজ ঘোষণা কৰিছে ।২২ জুলাইত জাৰি কৰা এক […]

অসমৰ বান পৰিস্থিতিয়ে পৰিগ্ৰহ কৰিছে ভয়াৱহ পৰিস্থিতি । এই পৰিস্থিতি অব্যাহত থকাৰ সময়তে অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ শীৰ্ষ বদৰুদ্দিন আজমলে এই দুৰ্যোগপূৰ্ণ পৰিস্থিতিলৈ লক্ষ্য ৰাখি ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে আজমল ফাউণ্ডেশ্যন । ফাউণ্ডেশ্যনে ৫০ লাখ টকাৰ আবণ্টনকে ধৰি এক কোটি টকা পৰ্যন্ত বান সাহায্যৰ পেকেজ ঘোষণা কৰিছে ।

২২ জুলাইত জাৰি কৰা এক বিবৃতিযোগে আজমলে ৰাজ্যজুৰি বান পৰিস্থিতিৰ অৱনতি ঘটাক লৈ উদ্বেগ প্ৰকাশ কৰে আৰু উল্লেখ কৰে যে কেইবাখনো নদী আৰু উপনৈ বিপদসীমাৰ ওপৰেৰে বৈ গৈছে, যাৰ ফলত ব্যাপক প্লাৱন আৰু স্থানচ্যুতি হৈছে । পৰিস্থিতিৰ মূল্যায়ন আৰু সাহায্যৰ তদাৰক কৰিবলৈ আজমলে বুধবাৰে বানাক্ৰান্ত শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলা পৰিদৰ্শন কৰিব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।

আজমল ফাউণ্ডেচনে তাৎক্ষণিক সাহায্যৰ বাবে ৫০ লাখ টকা আৱণ্টন দিয়াৰ বিপৰীতে আজমলে কয় যে ক্ষতিৰ পৰিসৰ আৰু বিকশিত বান পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি মুঠ সাহায্য ২ কোটি টকালৈ বৃদ্ধি কৰা হ'ব । তেওঁ আশ্বাস দিয়ে যে ফাউণ্ডেচনে ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালকে সকলো ধৰণৰ সহায় আগবঢ়াব ।

বিবৃতি অনুসৰি আজমল ফাউণ্ডেশ্যনৰ স্বেচ্ছাসেৱকসকলে ইতিমধ্যে উচ্চ অসমৰ কেইবাটাও বানাক্ৰান্ত অঞ্চলত ৰন্ধা খাদ্য, অত্যাৱশকীয় খাদ্য সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী বিতৰণ আৰম্ভ কৰিছে । অসমৰ বান পৰিস্থিতি সংকটজনক হৈ থকাৰ সময়তে এই ঘোষণা আজমলৰ । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদন অনুসৰি বিগত ২৪ ঘণ্টাত আৰু ২১ জন লোকে প্ৰাণ হেৰুৱাই সামগ্ৰিকভাৱে মৃত্যুৰ সংখ্যা ৩১ জনলৈ বৃদ্ধি হৈছে ।

শেহতীয়াকৈ মৃত্যু হোৱা লোকৰ ভিতৰত শিৱসাগৰত ১৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে চৰাইদেউত ৫ জন, গোলাঘাটত ২ জন আৰু যোৰহাটত এজন লোকৰ মৃত্যু হৈছে ।

শিৱসাগৰ, যোৰহাট, চৰাইদেউ, গোলাঘাট, ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, উদালগুৰি, হোজাই, নগাঁও, কামৰূপ, কামৰূপ (মেট্ৰ'), তিনিচুকীয়া আৰু কাৰ্বি আংলংকে ধৰি ১৬ খন জিলাৰ ৫.৬৪ লাখৰো অধিক লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ।

এ এছ ডি এম এয়ে জনোৱা মতে, বানপানীয়ে ৪৪টা ৰাজহ চক্ৰৰ ৮৭২খন গাঁও প্লাৱিত কৰাৰ বিপৰীতে ২৪,২১০ হেক্টৰ কৃষিভূমি ডুব গৈছে, যাৰ ফলত শস্য আৰু জীৱিকাৰ ব্যাপক ক্ষতি হৈছে ।

শিৱসাগৰ জিলাত ৩.৫৯ লাখতকৈ অধিক লোক বানৰ দ্বাৰা আক্ৰান্ত হৈছে । যোৰহাটত ৮৭,৬৬২ জন, চৰাইদেউত ৭২,৬৪৬ জন, ডিব্ৰুগড়ত ১৮,৬১৫ জন আৰু গোলাঘাটত ১৬,৭৯৯ জন লোক বানৰ দ্বাৰা আক্ৰান্ত হৈছে ।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.