• Home  
  • ৰাজ্যত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ
- অসম

ৰাজ্যত বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ

ৰাজ্যত বৰ্তমানো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । কাছাৰ আৰক্ষীয়ে অভিযান চলাই আজি জব্দ কৰিবলৈ সক্ষম হয় বৃহ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী । জিলাখনৰ কাটিগড়া চৌৰঙ্গী বজাৰত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত এজনক আটক কৰে আৰক্ষীয়ে । উল্লেখ্য যে, কাছাৰৰ কাটিগড়া চৌৰঙ্গী বজাৰত কাটিগড়া থানাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত বুধবাৰৰ পুৱাই […]

ৰাজ্যত বৰ্তমানো অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । কাছাৰ আৰক্ষীয়ে অভিযান চলাই আজি জব্দ কৰিবলৈ সক্ষম হয় বৃহ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী । জিলাখনৰ কাটিগড়া চৌৰঙ্গী বজাৰত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে ঘটনা সন্দৰ্ভত এজনক আটক কৰে আৰক্ষীয়ে ।

উল্লেখ্য যে, কাছাৰৰ কাটিগড়া চৌৰঙ্গী বজাৰত কাটিগড়া থানাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত বুধবাৰৰ পুৱাই অভিযান চলায় । অভিযানকালত ১০৭ টা অবৈধ ড্ৰাগছৰ টেমাসহ এজন লোকক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী । জানিব পৰা মতে, আজি দিনৰ প্ৰায় ১২ বজাত কাটিগড়া চৌৰঙ্গী বজাৰৰ লাকী হোটেল এণ্ড ৰেষ্টুৰেণ্টত আৰক্ষীয়ে অভিযান চলায় । তালাচীৰ সময়ত হোটেলখনৰ মালিক বাপ্পা মালাকাৰৰ পকেটৰ পৰা ১০৭ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ উদ্ধাৰ কৰে । ইয়াৰ পিছতে আৰক্ষীয়ে বাপ্পা মালাকাৰক আটক কৰি উদ্ধাৰ হোৱা ড্ৰাগছসহ কাটিগড়া থানালৈ লৈ যায় ।

আৰক্ষীৰ সূত্ৰ অনুসৰি ধৃত বাপ্পা মালাকাৰ কাটিগড়াৰ সিদ্ধেশ্বৰ দ্বিতীয় খণ্ড অঞ্চলৰ বাসিন্দা । আৰক্ষীৰ সূত্ৰ মতে, অবৈধ ড্ৰাগছ সৰবৰাহত জড়িত থকাৰ সন্দেহত এজন ডি পি এছ আইনৰ আওতাত তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব । উল্লেখ্য যে, বাপ্পা মালাকাৰ B.S.N.L ৰ এজন অস্থায়ী কৰ্মচাৰী আছিল ।

আনহাতে, কাছাৰ আৰক্ষীয়ে চলোৱা আন এক অভিযানত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী । অভিযানত জব্দ ২৪০০০ সন্দেহযুক্ত য়াবা টেবলেট । জব্দকৃত সামগ্ৰীখিনিৰ বজাৰ মূল্য প্ৰায় ২.৪ কোটি । এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৩ জনক ।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.