টকাৰ বিনিময়ত চাকৰি কেলেংকাৰী: প্ৰাক্তন মন্ত্ৰী কে এন নেহৰুক সকাহ নিদিলে উচ্চতম ন্যায়ালয়ে
টকাৰ বিনিময়ত চাকৰি দিয়াৰ প্ৰায় ৬৩৪ কোটি টকাৰ কেলেংকাৰীৰ গোচৰত তামিলনাডুৰ প্ৰাক্তন মন্ত্ৰী কে এন নেহৰুক উচ্চতম ন্যায়ালয়ে কোনো সকাহ দিয়া নাই।
আজি ২ নৱেম্বৰত ন্যায়াধীশ দীপাংকৰ দত্ত আৰু ন্যায়াধীশ শীল নাগুৰ বিচাৰপীঠে নেহৰুৰ আবেদন খাৰিজ কৰে। মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ২০ ফেব্ৰুৱাৰীত দিয়া ৰায়ক বাহাল ৰাখি উচ্চতম ন্যায়ালয়ে কয় যে এই গোচৰত সম্পূৰ্ণ তদন্তৰ প্ৰয়োজন আছে।

গোচৰটো কি আছিল?
তামিলনাডুৰ পৌৰ প্ৰশাসন আৰু খোৱাপানী যোগান বিভাগত ২,৫৩৮ টা পদৰ নিযুক্তিত ব্যাপক অনিয়মৰ অভিযোগ উঠিছিল। ই ডি ৰ তদন্তত ওলাইছিল যে প্ৰতিজন প্ৰাৰ্থীৰ পৰা ২৫ লাখৰ পৰা ৩৫ লাখ টকালৈ উৎকোচ লোৱা হৈছিল আৰু নিযুক্তিৰ আগতেই নিযুক্তি পত্ৰ বিলাই দিয়া হৈছিল।
২০২৫ ৰ এপ্ৰিলত ইডিয়ে নেহৰুৰ ভাতৃৰ ঘৰত চলোৱা তালাচীত এই তথ্য পোৱাৰ পিছত ২০২৫ ৰ অক্টোবৰত তামিলনাডু আৰক্ষীক FIR ৰুজু কৰিবলৈ তথ্য পঠাইছিল। ইয়াৰ ভিত্তিতেই মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ভিজিলেন্স বিভাগক (DVAC) FIR ৰুজু কৰি তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল।
উচ্চতম ন্যায়ালয়ে কয় যে উচ্চ ন্যায়ালয়ৰ মন্তব্য কেৱল গোচৰটোৰ নিষ্পত্তিৰ বাবেহে আছিল, ভৱিষ্যতে নেহৰুৱে আদালতত নিজৰ পক্ষত সকলো যুক্তি দাঙি ধৰিব পাৰিব।