Your Mic Your Voice

তামিলনাডুত দুই আইএএছ বিষয়াক অভিযুক্ত কৰিবলৈ পিএমঅ’ৰ অনুমতি, মাদ্ৰাজ উচ্চ ন্যায়ালয়ক জনালে কেন্দ্ৰই

0

তামিলনাডুৰ ৯৮.২৫ কোটি টকাৰ নিগম টেণ্ডাৰ অনিয়ম গোচৰত ডাঙৰ অগ্ৰগতি লাভ কৰিছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (পিএমঅ’) দুজন জ্যেষ্ঠ আইএএছ বিষয়া কে এছ কন্দস্বামী আৰু কে বিজয়া কাৰ্তিকেয়নৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ৰ অধীনত মোকদ্দমা চলোৱাৰ অনুমতি প্ৰদান কৰিছে বুলি বৃহস্পতিবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ক জনোৱা হয়।

এই গোচৰৰ মূল অভিযুক্ত হৈছে প্ৰাক্তন এআইএডিএমকে মন্ত্ৰী এছ পি ভেলুমণি।

ন্যায়াধীশ এন আনন্দ ভেংকটেশৰ আদালতত কেন্দ্ৰৰ হৈ অতিৰিক্ত ছলিচিটৰ জেনেৰেল এ আৰ এল সুন্দৰেশনে এই কথা জনায়। তেওঁ কয় যে, কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ (ডিঅ’পিটি) জৰিয়তে পিএমঅ’ই দুয়োজন বিষয়াৰ বিৰুদ্ধে মোকদ্দমাৰ অনুমতি দিছে।

আদালতে ভিজিলেন্স আৰু দুৰ্নীতি নিবাৰণ সঞ্চালকালয়ক (ডিভিএচি) কেন্দ্ৰৰ অনুমতিৰ আদেশ সংগ্ৰহ কৰি সকলো অভিযুক্তৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিলৰ প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে।

আৰাপ্পোৰ ইয়াক্কম নামৰ সংগঠনটোৰ অভিযোগৰ ভিত্তিত ২০২১ চনত ডিভিএচিয়ে এফআইআৰ ৰুজু কৰিছিল। অভিযোগ অনুসৰি এআইএডিএমকে চৰকাৰৰ সময়ত চেন্নাই আৰু কইম্বাটোৰ নগৰ নিগমৰ টেণ্ডাৰত হেৰফেৰ কৰি প্ৰায় ৯৮ কোটি টকাৰ অনিয়ম সংঘটিত হৈছিল।

unimex

ইয়াৰ পূৰ্বে ২০২৪ চনৰ ১২ ফেব্ৰুৱাৰীত তেতিয়াৰ বিধানসভাৰ অধ্যক্ষ এম আপ্পাভুৱে ভেলুমণিৰ বিৰুদ্ধে মোকদ্দমাৰ অনুমতি দিছিল। কিন্তু দুই আইএএছ বিষয়াৰ ক্ষেত্ৰত অনুমতি কেন্দ্ৰৰ ওচৰত পেণ্ডিং হৈ আছিল।

আৰাপ্পোৰ ইয়াক্কমে ডিভিএচিৰ বিৰুদ্ধে আদালত অৱমাননাৰ আবেদন দাখিল কৰাৰ পিছত আদালতে যোৱা ছেপ্টেম্বৰ মাহত দুমাহৰ ভিতৰত অনুমতিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিছিল।

এতিয়া পিএমঅ’ই অনুমতি দিয়াত গোচৰটোৱে গতি লাভ কৰিব বুলি আশা কৰা হৈছে। আদালতে পৰৱৰ্তী শুনানি ৪ ডিচেম্বৰলৈ স্থগিত ৰাখিছে আৰু গোচৰটোৰ অগ্ৰগতি নিৰীক্ষণ কৰিব বুলি জনাইছে।

Leave A Reply

Your email address will not be published.

Translate »