নাফটালি বেনেটৰ ‘বি’য়াচাদ’ দলে ইজৰাইলৰ পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে গাদি আইজেনকটক সমৰ্থন জনালে
ইজৰাইলৰ ৰাজনীতিত ডাঙৰ পৰিৱৰ্তন। প্ৰাক্তন প্ৰধানমন্ত্ৰী নাফটালি বেনেটৰ ‘বি’য়াচাদ’ দলে পৰৱৰ্তী চৰকাৰ গঠনৰ বাবে গাদি আইজেনকটক সমৰ্থন জনাইছে।
১ নৱেম্বৰত বেনেটে নিজৰ X হেণ্ডেলত এই কথা ঘোষণা কৰে। তেওঁ কয় যে তেওঁ নিৰ্বাচনী প্ৰচাৰত ভোটাৰৰ ৰায়ক সন্মান জনোৱাৰ প্ৰতিশ্ৰুতি দিছিল আৰু এতিয়া সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে।

যোৱা ২৭ অক্টোবৰত হোৱা নিৰ্বাচনত কোনো দলেই ৬১ খন আসনৰ যাদুকৰী সংখ্যা অতিক্ৰম কৰিব পৰা নাই। বিৰোধী ব্লকে ৪৮ খন আৰু আৰব দলসমূহে ১৯ খন আসন লাভ কৰিছে, মুঠ ৬৭। ইফালে নেতানিয়াহুৰ ব্লকে পাইছে ৫৩ খন আসন।
ৰাষ্ট্ৰপতি আইজাক হাৰজগে ৪ নৱেম্বৰত সকলো দলৰে আলোচনা কৰি চৰকাৰ গঠনৰ দায়িত্ব দিব। আইজেনকটৰ দল য়াছাৰে বিৰোধী ব্লকৰ ভিতৰত সৰ্বাধিক ২১ খন আসন লাভ কৰিছে।