Your Mic Your Voice

ৰঙিয়াত আছুৰ সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱা আন্তঃজিলা স্বৰ্ণ কাপ ফুটবলৰ গৌৰৱময় আৰম্ভণি

0

সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু কামৰূপ জিলা ছাত্ৰ সন্থাৰ সহযোগত ৰঙিয়াত আজিৰে পৰা তিনি দিনীয়াকৈ আৰম্ভ হৈছে বহু প্রতীক্ষিত সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱা আন্তঃজিলা স্বৰ্ণ কাপ ফুটবল প্রতিযোগিতা।

ৰবিবাৰে পুৱা ৰঙিয়াৰ বাৰ্মিজ নগৰ খেলপথাৰত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানেৰে প্ৰতিযোগিতাৰ শুভাৰম্ভ হয়। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই আছুৰ পতাকা উত্তোলনেৰে অনুষ্ঠানৰ সূচনা কৰে। ইয়াৰ পিছতে সাধাৰণ সম্পাদক সমীৰণ ফুকনে শ্বহীদ তৰ্পণ কৰে।

পতাকা উত্তোলনৰ পিছতে আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সিংহ পুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

unimex

ইয়াৰ পিছতে আছুৰ সভাপতি উৎপল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় আনুষ্ঠানিক উদ্বোধনী সভা। সভাত আছুৰ কেন্দ্ৰীয় বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্যসকল উপস্থিত থাকে। অনুষ্ঠানতে ৰঙিয়াৰ তিনিগৰাকী প্ৰাক্তন খ্যাতনামা খেলুৱৈ ক্ৰমে সুভাষ চৌধুৰী, ৰফিকুল হক আৰু মন্টু দাসক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

উদ্বোধনী সভাত আছুৰ মুখ্য উপদেষ্টা, সভাপতি আৰু সাধাৰণ সম্পাদকে ফুটবলৰ জৰিয়তে ঐক্য আৰু প্ৰতিভা বিকাশৰ গুৰুত্ব সন্দৰ্ভত বক্তব্য ৰাখে। সভাৰ শেষত ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই আনুষ্ঠানিকভাৱে প্ৰতিযোগিতাৰ শুভ উদ্বোধন ঘোষণা কৰে।

উদ্বোধনৰ পিছতে ৰঙিয়া বাৰ্মিজ নগৰ খেলপথাৰত দৰং আৰু কাছাৰ জিলাৰ মাজত প্ৰথমখন খেল অনুষ্ঠিত হয়। এইবাৰৰ প্ৰতিযোগিতাত ৰাজ্যৰ ২৮ খন জিলাৰ দলে অংশ লৈছে আৰু খেলসমূহ ৰঙিয়াৰ তিনিখনকৈ খেলপথাৰত একে সময়তে অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.

Translate »