হোমষ্টেত যুৱতীৰ ৰহস্যজনক মৃত্যু
গুৱাহাটী: মহানগৰীৰ গড়লত হোমষ্টেৰ ভিতৰত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত যুৱতীগৰাকীক নিমিষা ঠাকুৰীয়া বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, নিশা প্ৰায় ১১ বজাত ঘৰৰ পৰা ওলাই গৈছিল নিমিষা। ইয়াৰ কিছু সময় পাছতে মাতৃলৈ ফোন কৰি এগৰাকী বন্ধুৱে তেওঁক শাৰীৰিকভাৱে অশান্তি কৰা বুলি জনাইছিল বুলি পৰিয়ালৰ সূত্ৰত প্ৰকাশ।

পৰৱৰ্তী সময়ত গড়লৰ এটা হোমষ্টেৰ পৰা নিমিষাৰ নিথৰ দেহ উদ্ধাৰ হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
যুৱতীগৰাকীৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীৰ তদন্ত আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।