Your Mic Your Voice

ৰাতিপুৱাই ভয়ংকৰ খবৰ, কংগোত বিমান দুৰ্ঘটনাত ১৪ জনৰ মৃত্যু

0

পুৱাই পুৱাই আহিছে এটা অতিকৈ দুখজনক খবৰ। কংগোত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা। দুৰ্ঘটনাত বিমানখনত থকা ১৪ গৰাকী যাত্ৰীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, নিহতসকলৰ ভিতৰত দুগৰাকী জ্যেষ্ঠ সামৰিক বিষয়াও আছিল। কিকৱিটৰ পৰা ৰাজধানী কিনছাছালৈ উভতি অহাৰ সময়তে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

unimex

কাৰিকৰী বিজুতিৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে। মাজ আকাশতে হঠাৎ বিমানখনত সমস্যাৰ সৃষ্টি হোৱাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। কিছুসময়ৰ পাছতে বিমানখন আকাশৰ পৰা তললৈ সৰি পৰে।

দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি কংগোত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য।

Leave A Reply

Your email address will not be published.

Translate »