Your Mic Your Voice

অইল পাম খেতিয়ে সলাব কৃষকৰ ভাগ্য, সুবৰ্ণ সুযোগ বুলি মন্তব্য কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ

0

ভোজ্য তেলৰ আমদানি হ্ৰাস আৰু কৃষকৰ আয় বৃদ্ধিৰ লক্ষ্যৰে কৃষি মন্ত্ৰী পীযুষ হাজৰিকাই আজি গুৱাহাটীত ‘ৰাষ্ট্ৰীয় ভোজ্য তেল অভিযান – অইল পাম’ ৰ অধীনত চাহ বাগিচাত অইল পাম খেতি সন্দৰ্ভত অনুষ্ঠিত অংশীদাৰ সন্মিলনত অংশ লয়।

অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে অইল পাম খেতিক লৈ থকা ভ্ৰান্ত ধাৰণা নস্যাৎ কৰি কয় যে ধান খেতিৰ সমান পানীৰে এই খেতি কৰিব পাৰি, ভয় খাবলগীয়া একো নাই। বিদেশৰ পৰা তেল আমদানিত খৰচ হোৱা হাজাৰ কোটি টকা ৰাহি কৰি কৃষকৰ হাতলৈ অনাৰ এয়া সুবৰ্ণ সুযোগ।

unimex

কেবিনেটৰ সিদ্ধান্ত অনুসৰি চাহ বাগিচাৰ অব্যৱহৃত ৫ শতাংশ মাটিত অইল পাম খেতিৰ অনুমোদন দিয়া হৈছে বুলি তেওঁ জনায়। প্ৰতি বিঘাত ৫০ হাজাৰ টকালৈকে নিশ্চিত উপাৰ্জন, ১৫ হাজাৰ হেক্টৰত অইল পাম খেতি আৰু অহা ৫ বছৰত ৩০ হাজাৰ হেক্টৰ মাটি জলসিঞ্চনৰ আওতালৈ অনাৰ লক্ষ্য লোৱা হৈছে। বৰাক উপত্যকাত বিশেষ গুৰুত্ব দিয়া হ’ব। বাগিচাসমূহক লিচু, ড্ৰেগন ফ্ৰুট, তামোলৰ পুলি যোগান ধৰা হ’ব আৰু অহা বছৰৰ পৰা বছৰি ৫ কোটি উদ্যান শস্যৰ পুলি বিতৰণ কৰা হ’ব। অধ্যয়নৰ বাবে বাগিচাৰ মালিকসকলক অন্ধ্ৰপ্ৰদেশ আৰু অৰুণাচললৈ পঠোৱা হ’ব।

ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে সাৰ যোগানকাৰী প্ৰতিষ্ঠানৰ সৈতে বৈঠকত মিলিত হৈ কয় যে কৃষকে চৰকাৰী দামত সময়মতে সাৰ পাব লাগিব। সাৰৰ লগত অন্য সামগ্ৰী কিনিবলৈ বাধ্য কৰা, অতিৰিক্ত দাম লোৱা বা কৃত্ৰিম নাটনি সৃষ্টি কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ’ব।

Leave A Reply

Your email address will not be published.

Translate »