Your Mic Your Voice

যন্তৰ মন্তৰত মহিলা সাংবাদিকক যৌন নিৰ্যাতন! দিল্লী আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ

0

যন্তৰ মন্তৰত মহিলা সাংবাদিকক যৌন নিৰ্যাতন! দিল্লী আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ

দিল্লীৰ যন্তৰ মন্তৰত সাংবাদিকৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা! ৩ গৰাকী মহিলা সাংবাদিকৰ যৌন নিৰ্যাতনৰ অভিযোগ

শনিবাৰে যন্তৰ মন্তৰত চলা প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ বিৰুদ্ধে ৩ গৰাকী মহিলা সাংবাদিকে যৌন নিৰ্যাতনৰ বিস্ফোৰক অভিযোগ আনিছে।

অভিযোগ অনুসৰি, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চলা প্ৰতিবাদ কভাৰ কৰি থকা সময়ত এজন ACP বিষয়াই এগৰাকী মহিলা সাংবাদিকক অনুচিতভাৱে স্পৰ্শ কৰি ঠেলি দিয়ে।

unimex

ভুক্তভোগী সাংবাদিকগৰাকীয়ে কয়, “মই প্ৰতিবাদৰ ভিডিঅ’ কৰি আছিলোঁ, তেতিয়াই আৰক্ষী বিষয়াজনে মোক বেয়াকৈ স্পৰ্শ কৰে।” অভিযোগ দাখিল কৰিবলৈ থানালৈ যোৱাৰ পাছতো প্ৰথমে গোচৰ ৰুজু কৰা হোৱা নাছিল বুলি তেওঁলোকে অভিযোগ কৰিছে।

আনফালে দিল্লী আৰক্ষীয়ে দেওবাৰে জনাইছে যে, “তিনিওগৰাকী সাংবাদিকৰ অভিযোগ লাভ কৰা হৈছে আৰু ন্যায্য তদন্তৰ বাবে Crime Branch, কমলা মাৰ্কেটলৈ প্ৰেৰণ কৰা হৈছে।”

এই ঘটনাক লৈ ভাৰতীয় প্ৰেছ কাউন্সিলে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কৈছে – “গণতন্ত্ৰত এনে আচৰণ কেতিয়াও স্বাভাৱিক হ’ব নোৱাৰে। সাংবাদিকে নিৰ্ভয়ে কাম কৰিব পাৰিব লাগে। দেশৰ ৰাজধানীৰ বুকুতে যদি এনে হয়, তেন্তে ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতাৰ ভৱিষ্যৎ কি?”

ইয়াৰ পূৰ্বে শনিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰশ্ন কৰি কয়, “মহিলাৰ সুৰক্ষাৰ দায়িত্বত থকা আৰক্ষীয়ে যদি মহিলাৰ ওপৰত হাত তোলে, তেন্তে ইয়াৰ জবাব কোনে দিব?”

Leave A Reply

Your email address will not be published.

Translate »