Your Mic Your Voice

পশ্চিম বংগত বিজেপি আহিলেই UCC – লাভ জেহাদ, লেণ্ড জেহাদ বন্ধ কৰাৰ প্ৰতিশ্ৰুতি শুভেন্দুৰ

0

UCC প্ৰৱৰ্তন হ’লে লাভ জেহাদ-লেণ্ড জেহাদ সকলো বন্ধ কৰিম — পশ্চিম বংগৰ বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীৰ ডাঙৰ ঘোষণা

পশ্চিম বংগৰ ৰাজনীতিত পুনৰ UCC-ক লৈ তোলপাৰ। বিৰোধী দলৰ নেতা শুভেন্দু অধিকাৰীয়ে আজি এক জনসভাত ডাঙৰ ঘোষণা কৰি কয় যে ৰাজ্যত বিজেপি ক্ষমতালৈ আহিলেই সম নাগৰিক আইন (Uniform Civil Code – UCC) বলবৎ কৰা হ’ব।

unimex

তেওঁ কয়, “পশ্চিম বংগক আমি অনুপ্ৰৱেশকাৰীৰ পৰা মুক্ত কৰিম। UCC প্ৰৱৰ্তন হ’লেই লাভ জেহাদ, লেণ্ড জেহাদৰ দৰে জেহাদী কাৰ্যকলাপ সম্পূৰ্ণৰূপে বন্ধ হৈ যাব।”

শুভেন্দু অধিকাৰীয়ে লগতে অভিযোগ কৰে যে তৃণমূল কংগ্ৰেছ চৰকাৰৰ পৃষ্ঠপোষকতাত ৰাজ্যত অবৈধভাৱে ভূমি দখল আৰু ধৰ্মান্তৰকৰণৰ ঘটনা বৃদ্ধি পাইছে। UCC-এ সকলো ধৰ্ম-বৰ্ণৰ বাবে একে আইন প্ৰৱৰ্তন কৰিব আৰু নাৰীকো সম অধিকাৰ প্ৰদান কৰিব।

তেওঁৰ এই ঘোষণাৰ পিছতে শাসক-বিৰোধীৰ মাজত বাক-যুদ্ধ আৰম্ভ হৈছে।

Leave A Reply

Your email address will not be published.

Translate »