Your Mic Your Voice

অসমলৈ গৌৰৱ কঢ়িয়াই অনা ১০ গৰাকী খেলুৱৈক সম্বৰ্ধনা

0

বিশ্বনাথ চাৰিআলি: উশ্বু মেচিনেৰী বিশ্বনাথৰ উদ্যোগত পৌৰপতি অমৰজ্যোতি বৰঠাকুৰৰ সভাপতিত্ব অনুষ্ঠিত সভাত বিশ্বনাথৰ ১০ গৰাকী আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পদক অৰ্জন কৰা উশ্বু খেলুৱৈক সম্বৰ্ধনা জনোৱা হয়।

গীতাশ্ৰী বৰঠাকুৰে আঁত ধৰা সভাত বিশ্বনাথত উশ্বু খেলুৱৈৰ প্ৰশিক্ষণৰ বাবে উপযুক্ত আন্তঃগাথনী আৰু এটা প্ৰেক্ষাগৃহৰো অভাৱৰ বিষযয়ে আলোচনা কৰা হয় ।

unimex

আন্তঃগাথঁনি আৰু প্ৰেক্ষাগৃহৰ সমস্যা অতি শীঘ্ৰেই সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে সভাত উপস্থিত জ্যেষ্ঠ অধিবক্তা পৱিত্ৰ হাজৰিকাই l

সভাত উপস্হিত থাকে বিজেপিৰ জিলা সভাপতি অসীম দাস, পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, জ্যেষ্ঠ অধিবক্তা পৱিত্ৰ হাজৰিকা, পৌৰসভাৰ ৱাৰ্ড সদস্য মিলন বৰা,উশ্বুৰ বিশ্বনাথ জিলাৰ সভাপতি উত্তম নাথ, কেইবাগৰাকী বিশিষ্ট ব্যক্তি,উশ্বু খেলুৱৈৰ অভিভাৱক অভিভাৱিকা আৰু কেইবাগৰাকী উশ্বু প্ৰশিক্ষক।

Leave A Reply

Your email address will not be published.

Translate »