নুমলীগড় শোধনাগাৰ লিমিটেডৰ ৩৩সংখ্যক বার্ষিক সাধাৰণ সভা অনুষ্ঠিত
গুৱাহাটী: নুমলীগড় শোধনাগাৰ লিমিটেডৰ (এন আৰ এল) ৩৩সংখ্যক বার্ষিক সাধাৰণ সভাখন আজি গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। সভাখনত অধ্যক্ষতা কৰে এন আৰ এলৰ অধ্যক্ষ তথা অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক (CMD) ড০ ৰঞ্জিত ৰথে। সভাত এন আৰ এলৰ পৰিচালন সঞ্চালক ভাস্কৰ জ্যোতি ফুকন, এন আৰ এলৰ পৰিচালনা পৰিষদৰ সঞ্চালকসকল, অংশীদাৰসকল আৰু কোম্পানীটোৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
নিজৰ ভাষণত ড০ ৰঞ্জিত ৰথে কোম্পানীটোৰ নিৰন্তৰ বিকাশৰ বাবে অভিনন্দন জ্ঞাপন কৰাৰ লগতে শেহতীয়াকৈ লাভ কৰা গুৰুত্বপূৰ্ণ নৱৰত্ন মৰ্যাদাৰ কথা উল্লেখ কৰে। ২০২৫ চনৰ ৩ ডিচেম্বৰত এন আৰ এলক মিনিৰত্ন শাখা-১ৰ পৰা সম্মানীয় নৱৰত্ন মৰ্যাদালৈ উন্নীত কৰা হয়।
কোম্পানীটোৰ সুদৃঢ় প্ৰদৰ্শনৰ কথা উল্লেখ কৰি ড০ ৰথে কয় যে, ৩১ মাৰ্চ ২০২৬ত সমাপ্ত বিত্তীয় বৰ্ষত এন আৰ এলৰ ষ্টেণ্ডএলোন নেট ৱৰ্থৰ পৰিমাণ ১৮,৯১২ কোটি টকালৈ বৃদ্ধি পায়, যি পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত ১৭.৬৯ শতাংশ বৃদ্ধি প্ৰতিফলিত কৰে। ২০২৫-২৬ বিত্তীয় বৰ্ষত কাৰ্যকলাপৰ পৰা লাভ কৰা ৰাজহ ২৬,৩৯৩ কোটি টকালৈ বৃদ্ধি পায়, যি ২০২৪-২৫ বিত্তীয় বৰ্ষত ২৫,১৪৭ কোটি টকা আছিল।
৩১ মাৰ্চ ২০২৬ত সমাপ্ত হোৱা বিত্তীয় বৰ্ষত কোম্পানীটোৰ স্বতন্ত্ৰ লাভ কৰ-পূৰ্ব (PBT) ৪,০৭৭ কোটি টকা আৰু লাভ কৰ-পৰৱৰ্তী (PAT) ৩,০৫৭ কোটি টকা হয়। পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত PAT-ত ৯০ শতাংশতকৈ অধিক উল্লেখযোগ্য বৃদ্ধি পঞ্জীয়ন হয়। একেদৰে, শ্বেয়াৰ প্ৰতি উপাৰ্জন (EPS) ১৭.৫২ টকালৈ বৃদ্ধি পায়, যি পূৰ্বৰ বৰ্ষত ৯.৮২ টকা আছিল। মূলতঃ সামগ্ৰীৰ মার্জিন আৰু বিক্ৰীৰ পৰিমাণ বৃদ্ধিৰ ফলতে লাভৰ এই বৃদ্ধি সম্ভৱ হয়।
২০২৫-২৬ বিত্তীয় বৰ্ষত ৰিফাইনেৰীটোৱে ৩,১১৩ টি এম টি খাৰুৱা তেল শোধন কৰে, যি ইয়াৰ নিৰ্ধাৰিত ক্ষমতাৰ ১০৩ শতাংশ। বিত্তীয় বৰ্ষটোত মুঠ বিক্ৰীৰ পৰিমাণ ৩,২০০ টি এম টি হয়। মটৰ স্পিৰিট (Motor Spirit)-ৰ উৎপাদন ৭২৭ টি এম টিত উপনীত হয়, যি পূৰ্বৰ সৰ্বকালীন উৎপাদন অভিলেখ ৭২৫ টি এম টি অতিক্ৰম কৰে। ছালফাৰ পুনৰুদ্ধাৰৰ ক্ষেত্ৰত এক নতুন মাইলৰ খুঁটি স্থাপন হয়; ৬.৩ টি এম টি ছালফাৰ পুনৰুদ্ধাৰ কৰি পূৰ্বৰ সৰ্বোচ্চ ৫.৬ টি এম টিৰ অভিলেখ অতিক্ৰম কৰা হয়।
২০২৫-২৬ বিত্তীয় বৰ্ষত ডিষ্টিলেট উৎপাদন ৮৭.২৫ শতাংশ হয়, যি ২০২৪-২৫ বিত্তীয় বৰ্ষত ৮৭.১০ শতাংশ আছিল। একেদৰে, বছৰটোৰ Specific Energy Consumption (SEC) ৬০.৬১ MBN হয়, যি পূৰ্বৰ বিত্তীয় বৰ্ষত ৬১.৪৭ MBN আছিল। এই সময়ছোৱাত Energy Intensity Index (EII) ৮০ শতাংশত উপনীত হয়, যি পূৰ্বৰ বৰ্ষত ৮১ শতাংশ আছিল।
কোম্পানীটোৰ অন্যতম গুৰুত্বপূৰ্ণ Numaligarh Refinery Expansion Project (NREP)-য়ে ৩১ মাৰ্চ ২০২৬লৈ ৮৭.১ শতাংশ ভৌতিক অগ্ৰগতি লাভ কৰিছে। NREP কাৰ্যক্ষম হোৱাৰ পাছত উৎপাদিত সামগ্ৰীসমূহৰ সুশৃংখল নিষ্কাশন আৰু পৰিবহণৰ সুবিধাৰ্থে কোম্পানীটোৰ Siliguri Marketing Terminal-ৰ ক্ষমতা সম্প্ৰসাৰণ আৰু উন্নীতকৰণৰ কামো চলি আছে। বিত্তীয় বৰ্ষটোৰ শেষলৈ এই প্ৰকল্পটোৰে ৮৬.৩ শতাংশ ভৌতিক অগ্ৰগতি লাভ কৰিছে।
এন আৰ এলে Ideation Programme-ৰ জৰিয়তে উদ্ভাৱন আৰু উদ্যোগীকৰণকো উৎসাহিত কৰি আছিছে। এই কাৰ্যসূচীৰ অধীনত সম্ভাৱনাপূৰ্ণ ষ্টাৰ্ট-আপসমূহক সহায় আৰু পুঁজি প্ৰদান কৰি তেওঁলোকৰ উদ্ভাৱনীমূলক ধাৰণা আৰু সমাধানসমূহ বিকশিত কৰাৰ সুযোগ দিয়া হয়। এনে পদক্ষেপৰ জৰিয়তে কোম্পানীটোৰে উদ্ভাৱনৰ এক সুস্থ পৰিৱেশ গঢ়ি তোলাৰ লগতে নতুন প্ৰযুক্তি আৰু উদ্যোগীকৰণৰ সুযোগ সৃষ্টি কৰাত গুৰুত্ব আৰোপ কৰিছে।
উন্নীত নৱৰত্ন মর্যাদা, সুদৃঢ় কার্যকৰী আৰু বিত্তীয় প্ৰদৰ্শন, চলি থকা সম্প্ৰসাৰণমূলক প্ৰকল্প আৰু সমাজ উন্নয়নৰ প্ৰতি দায়বদ্ধতাৰ সৈতে এন আৰ এলে বিকাশৰ পৰৱৰ্তী পৰ্যায়ৰ বাবে এক শক্তিশালী স্থিতি লাভ কৰিছে। কোম্পানীটোৱে নিজৰ কার্যকৰী সক্ষমতা অধিক শক্তিশালী কৰা, অংশীদাৰসকলৰ বাবে বহনক্ষম মূল্য সৃষ্টি কৰা আৰু দেশৰ শক্তি সুৰক্ষাত অৰিহণা যোগোৱাৰ ওপৰত গুৰুত্ব অব্যাহত ৰাখিছে। একে সময়তে, কোম্পানীটোৰে সেৱা আগবঢ়োৱা সমাজসমূহৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ সৈতে সামঞ্জস্য ৰাখি নিজৰ বিকাশ নিশ্চিত কৰাৰ প্ৰতিও প্ৰতিশ্ৰুতিবদ্ধ।
বার্ষিক সাধাৰণ সভাখনৰ পাছত অনুষ্ঠিত এক সংবাদমেলত অঞ্চলটোৰ বিভিন্ন সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু সাংবাদিকসকলে অংশগ্ৰহণ কৰে। তেওঁলোকে এন আৰ এলৰ অধ্যক্ষৰ সৈতে কোম্পানীটোৰ বিকাশৰ ধাৰা, বৰ্তমানৰ বিভিন্ন পদক্ষেপ আৰু ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত মত-বিনিময় কৰে।