Your Mic Your Voice

যোৰহাটত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ অভিযান

0

যোৰহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এজন যুৱকক আটক কৰা হৈছে। ড্ৰাগছ সৰবৰাহৰ অভিযোগত সতীশ শ্ৰীবাস্তৱ নামৰ যুৱকজন আৰক্ষীৰ জালত পৰাৰ পিছতে তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহত অভিযান চলায় আৰক্ষীয়ে।

নেফাগেট তিনিআলিত থকা ‘শিৱম গ্লাছ’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত চলোৱা অভিযানত প্ৰায় ২৭ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰক্ষীৰ মতে, গজালৰ বস্তাৰ মাজত অতি কৌশলগতভাৱে লুকুৱাই ৰখা হৈছিল ড্ৰাগছখিনি।

ইয়াৰ উপৰি সতীশ শ্ৰীবাস্তৱৰ বাসগৃহতো অভিযান চলাই আৰক্ষীয়ে ১ লাখ ৯৪ হাজাৰ টকা নগদ ধন জব্দ কৰে। দুয়োটা স্থানত চলোৱা অভিযানত মুঠ প্ৰায় ২৭ গ্ৰাম ড্ৰাগছ উদ্ধাৰ হোৱা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় ৪ লাখ টকা বুলি জানিব পৰা গৈছে।

unimex

আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা মতে, নেফাগেট তিনিআলিৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰাই যোৰহাটত ড্ৰাগছ সৰবৰাহৰ এক নেটৱৰ্ক পৰিচালিত হোৱাৰ সন্দেহ কৰা হৈছে। তিনিচুকীয়াৰ পৰা উক্ত প্ৰতিষ্ঠানটোলৈ ড্ৰাগছ যোগান ধৰাৰো তথ্য আৰক্ষীয়ে লাভ কৰা বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, সতীশ শ্ৰীবাস্তৱ পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ গোচৰত আৰক্ষীৰ জালত পৰিছিল।

ঘটনাৰ পিছতে আৰক্ষীয়ে ‘শিৱম গ্লাছ’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটো ছীল কৰি দিয়ে। সমগ্ৰ ঘটনাৰ অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Leave A Reply

Your email address will not be published.

Translate »