ককৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদত সেও মানি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পাচত এই পদৰ দায়িত্ব দিয়া হয় প্ৰহ্ৰাদ যোশীক । অতিৰিক্তভাৱে যোশীক প্ৰদান কৰা হয় শিক্ষা মন্ত্ৰালয়ৰ এই দায়িত্ব ৷ উল্লেখ্য যে, NEET-UG প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি বিগত ২৮ জুনৰ পৰা দিল্লীৰ যন্তৰ-মন্তৰত ককৰোচ জনতা পাৰ্টীয়ে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনাই আহিছিল ৷ শিক্ষাৰ্থীসকলৰ সৈতে প্ৰতিবাদত বহিছিল উদ্ভাৱক সোণম ৱাংচুক । প্ৰতিবাদকাৰীসকলে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰাৰ লগতে দেশৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ দাবী তুলিছিল । যাৰ ফলত ৰাজধানী দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত শিক্ষাৰ্থীৰ লগতে সচেতন মহলে মুকলিকৈ এই প্ৰতিবাদৰ প্ৰতি সঁহাৰি জনাইছিল ।
উল্লেখ কৰা প্ৰয়োজন যে, কেৱল আমাৰ দেশতে নহয়, বিদেশটো এই প্ৰতিবাদে গা কৰি উঠা পৰিলক্ষিত হৈছিল ৷ অৱশেষত ২৫ জুলাই শনিবাৰৰ দিনা শিক্ষামন্ত্ৰী পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পাচত সংগঠনটোৱে আনুষ্ঠানিকভাৱে প্ৰতিবাদ বাতিলৰ সিদ্ধান্ত লয় ।
CJP ৰ তিনিটা দাবী মানিছে কেন্দ্ৰীয় চৰকাৰে
CJP ৰ মুখপাত্ৰ আশুতোষ ৰাংকাই কয়, “আমি চৰকাৰী প্ৰতিনিধি দলৰ সৈতে তিনিটা পৰ্যায়ৰ আলোচনাত মিলিত হৈছিলো । যন্তৰ-মন্তৰত চলি থকা আমাৰ প্ৰতিবাদৰ মূল দাবী আছিল তিনিটা – ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ, প্ৰতিবাদকাৰী আৰু সংগঠকৰ বিৰুদ্ধে দাখিল কৰা সকলো আইনী গোচৰ, এজাহাৰ প্ৰত্যাহাৰ কৰা আৰু ভৱিষ্যতে প্ৰতিবাদকাৰী বা সংগঠকৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু নকৰা । ইয়াৰ লগতে সংগঠনটোৰ তৃতীয়টো দাবী আছিল নীট প্ৰশ্নকাকত ফাদিলৰ পাছত নিজৰ সন্তানক হেৰুওৱা পৰিয়ালসমূহলৈ ১ কোটি টকাৰ ক্ষতিপূৰণ প্ৰদান ।” এই তিনিওটা দাবীৰ প্ৰতি চৰকাৰে সমৰ্থন জনোৱাৰ পাচতে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰৰ সিদ্ধান্ত লয় CJP য়ে ।

