Your Mic Your Voice

ISI সমৰ্থিত শ্লীপাৰ কোষ নেটৱৰ্কৰ সৈতে জড়িত থকাৰ অভিযোগত অসমত গ্ৰেপ্তাৰ ৩ জন

0

এক বৃহৎ সন্ত্ৰাসবাদ বিৰোধী অভিযানত ধুবুৰী, চিৰাং আৰু বৰপেটাৰ জিলা আৰক্ষীৰ সহযোগত অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে পাকিস্তানস্থিত শ্বাহজাদ ভট্টি নেটৱৰ্ক (এছ বি এন)ৰ তিনিজন অভিযুক্ত সদস্যক গ্ৰেপ্তাৰ কৰিছে ।

এই অভিযানত ধুবুৰী বেপাৰীপাৰাৰ আক্ৰামূল ইছলাম (২৬), চিৰাঙৰ আমিনুৰ ৰহমান (২২), আৰু বৰপেটাৰ আব্দুল হুছেইন (৫৪), ক গ্ৰেপ্তাৰ কৰা হয় । অভিযানৰ সময়ত ৫টা মোবাইল ফোন, ৭ খন ছিম কাৰ্ড, আধাৰ কাৰ্ড, বেংকৰ পাছবুক, ডেবিট কাৰ্ড আৰু অন্যান্য আপত্তিজনক নথি-পত্ৰ অভিযানকাৰী দৰে জব্দ কৰে ।

এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া অনুসৰি অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ’ৰ্চ (STF), অসমে ২৪ জুলাইৰ দিনা ধুবুৰী, চিৰাং আৰু বৰপেটা জিলাৰ আৰক্ষীৰ সহযোগত STF ৰ সৈতে জড়িত হৈ এক সমন্বিত অভিযান চলায় । শ্বাহজাদ ভাট্টি নেটৱৰ্ক (SBN) হৈছে পাকিস্তানভিত্তিক এক সন্ত্ৰাসবাদী-অপৰাধমূলক নেটৱৰ্ক, যি ভাৰতৰ বিভিন্ন প্ৰান্তত সদস্য নিয়োগ, অনলাইন উগ্ৰপন্থাকৰণ, ভাৰতবিদ্বেষী প্ৰচাৰ, লজিষ্টিক সহায়, চোৰাংচোৱা কাৰ্যকলাপ, অবৈধ অস্ত্ৰ সংগ্ৰহ, স্লীপাৰ চেল গঠন আৰু অন্যান্য সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সুবিধা প্ৰদানৰ সৈতে জড়িত থকাৰ অভিযোগ আছে ।

unimex

তদন্ত আৰু গোচৰৰ অংশ হিচাপে লাভ কৰা চোৰাংচোৱাৰ তথ্য অনুসৰি, শ্বাহজাদ ভাট্টি নেটৱৰ্ক (SBN)-এ পাকিস্তানৰ ইণ্টাৰ-ছাৰ্ভিচেছ ইণ্টেলিজেন্স (ISI)-ৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি, পাকিস্তানস্থিত ভাৰত বিৰোধী শক্তিসকলৰ নিৰ্দেশত এনক্ৰিপ্টেড (সংগোপনীয়) যোগাযোগ ব্যৱস্থাৰ জৰিয়তে নিজৰ কাৰ্যকলাপ পৰিচালনা কৰে বুলি অভিযোগ আছে ।

তদন্তত পোহৰলৈ আহিছে যে এই নেটৱৰ্কে Khalistan Armed Force (KAF), Punjab Sovereignty Alliance (PSA), Khalistan Liberation Army (KLA), Sher-e-Punjab Brigade (SPB), United Sikh Brotherhood (USB), Sikh Tigers of Khalistan (STK) আৰু Tehrik-e-Taliban Hindustan (TTH) আদি সংগঠনৰ জৰিয়তে নিজৰ কাৰ্যকলাপ চলায় বা এই সংগঠনসমূহৰ সৈতে সম্পৰ্ক ৰাখে ।

অসমত এই নেটৱৰ্কৰ কাৰ্যকলাপৰ প্ৰথমবাৰৰ বাবে চলিত বৰ্ষৰ ২২ মে’ত নলবাৰী জিলাত চলোৱা তদন্তত পোহৰলৈ আহে, য’ত এজন SBN ৰ সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল ।

Leave A Reply

Your email address will not be published.

Translate »