ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নদীত পৰি সন্ধানহীন দুই ছাত্ৰ
ধুবুৰী: ধুুবুৰী পঞ্চুঘাট স্থিত ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ দুই ১২ বছৰীয়া ছাত্ৰ সন্ধানহীন হৈ আছে । নদীত ফুটবলৰে খেলি থকা অৱস্থাত সন্ধানহীন হৈছে ছাত্ৰ দুজন। স্থানীয় ৰাইজৰ চিঞৰ বাখৰ কৰাত পোহৰলৈ আহে এই ঘটনা।

লগে লগে নদীত স্থানীয় ৰাইজ উদ্ধাৰ কৰিবলৈ জাপ দিয়ে যদিও উদ্ধাৰ কৰিব নোৱাৰাত স্থানীয় ৰাইজে খবৰ দিয়ে SDRF বাহিনীক খবৰ দিয়ে । SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য অব্যাহত ৰাখিছে । নিৰুদ্দিষ্ট ছাত্ৰ দুজন সুমিত দাস আৰু পুৰব মাল্লা । দুয়ো সপ্তম শ্ৰেণীৰ ছাত্ৰ বুলি জানিব পৰা গৈছে।