ৰহস্যজনক অৱস্থাত নিজ কাৰ্যালয়তে মৃত অৱস্থাত উদ্ধাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ মৃতদেহ
সোমবাৰে আগৰতলাস্থিত ত্ৰিপুৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংঘটিত হৈছে এক ৰহস্যজনক ঘটনা । ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ হয় ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান অনুৰাগ ধনকাৰৰ নিঠৰ দেহ । জানিব পৰা মতে আৰক্ষী মুখ্য কাৰ্যালয়ত থকা ডিজিপিগৰাকীৰ নিজৰ কাৰ্যালয়তে মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে ডিজিপিগৰাকীক ৷ সঞ্চালক প্ৰধানগৰাকীৰ মৃত্যুৰ কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই ৷ উল্লেখ্য যে ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক আগৰতলাৰ ৰাজ্যিক আৰক্ষী মুখ্য কাৰ্যালয়ত থকা নিজৰ কাৰ্যালয়ৰ ভিতৰৰ পৰা গুৰুতৰভাৱে অসুস্থ অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ গোবিন্দ বল্লভ পন্ত (জিবিপি) চিকিৎসালয়লৈ লৈ যোৱা হয় । চিকিসালয়ত সঞ্চালক প্ৰধানগৰাকীক মৃত বুলি ঘোষণা কৰা হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬০ বছৰ ।
জিবিপি হাস্পতালৰ বিভাগীয় মুৰব্বী (জেনেৰেল মেডিচিন) ডাঃ প্ৰদীপ ভৌমিকে জনোৱা মতে, নিশা প্ৰায় ১২ বজাত ধনকৰক প্ৰতিষ্ঠানলৈ অনা হয় ।
ডাঃ ভৌমিকে কয়, "তেওঁ ইয়াত উপস্থিত হোৱাৰ সময়ত নাড়ী-ভুৰু, ৰক্তচাপ, শ্বাস-প্ৰশ্বাসৰ প্ৰতিক্ৰিয়া আদিৰ দৰে গুৰুত্বপূৰ্ণ শাৰিৰীক লক্ষণ অনুপস্থিত আছিল । আমি তেতিয়াও CPR (কাৰ্ডিঅ’পালমোনাৰী ৰিচাইচিটেচন)ৰ দ্বাৰা তেওঁক পুনৰুজ্জীৱিত কৰাৰ চেষ্টা কৰিছিলো । যেতিয়া আমাৰ সকলো চেষ্টাৰ পিছতো তেওঁৰ কোনো প্ৰতিক্ৰিয়া দেখা নাপালো, তেতিয়া আমি নিশা ১২.৪৮ বজাত তেওঁক মৃত বুলি ঘোষণা কৰিছিলো ।"
তেওঁ লগতে কয়, "আমি এই মুহূৰ্তত মৃত্যুৰ কাৰণ কি হয় নাজানো, আমি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছো ।"