• Home  
  • ৰাজ্যত বানৰ সংহাৰী ৰূপ; মৃতকৰ সংখ্যা বৃদ্ধি ৫ জনলৈ
- অসম

ৰাজ্যত বানৰ সংহাৰী ৰূপ; মৃতকৰ সংখ্যা বৃদ্ধি ৫ জনলৈ

বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পাইছে । উজনিত বানে ভয়াৱহ ৰূপ ধাৰণ কৰা দেখা গৈছে ৷ ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে অসমৰ বান পৰিস্থিতি ৷ উজনি অসমৰ তিনিখনকৈ জিলা -শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউত বানে পৰিগ্ৰহ কৰিছে ভয়ংকৰ ৰূপ ৷ তিনিওখন জিলাৰ লগতে দাঁতিকাষৰীয়া এলেকাবোৰো ক্ষতিগ্ৰস্ত হৈছে ৷ মৃতকৰ সংখ্যা […]

বিগত কেইবাদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পাইছে । উজনিত বানে ভয়াৱহ ৰূপ ধাৰণ কৰা দেখা গৈছে ৷ ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে অসমৰ বান পৰিস্থিতি ৷ উজনি অসমৰ তিনিখনকৈ জিলা -শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউত বানে পৰিগ্ৰহ কৰিছে ভয়ংকৰ ৰূপ ৷ তিনিওখন জিলাৰ লগতে দাঁতিকাষৰীয়া এলেকাবোৰো ক্ষতিগ্ৰস্ত হৈছে ৷

মৃতকৰ সংখ্যা বৃদ্ধি ৫ জনলৈ বৃদ্ধি

দুৰ্ভাগ্যজনক বিষয় যে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ (ASDMA) দৈনিক বানপানী পৰিস্থিতিৰ প্ৰতিবেদন অনুসৰি, শিৱসাগৰত এই বানপানীৰ ফলত ইতিমধ্যে এজন লোকৰ মৃত্যু হৈছে ৷ বৰ্তমানলৈকে এই বৰ্ষৰ বানত মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা ৫ জনলৈ বৃদ্ধি পাইছে । উজনি-নামনিকে ধৰি ৰাজ্যৰ সাতখন জিলা বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে ৷ চৰকাৰীভাৱে জনোৱা অনুসৰি বানত আক্ৰান্ত লোকৰ সংখ্যা ৫৭ হাজাৰৰো অধিকলৈ বৃদ্ধি পাইছে, যাৰ ফলত ৰাজ্য চৰকাৰে সেনা আৰু বায়ুসেনাক উদ্ধাৰ অভিযানৰ বাবে সাজু হৈ থাকিবলৈ আহ্বান জনাইছে ৷ ASDMA-ৰ তথ্য মতে, চৰাইদেউ জিলা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে, য’ত প্ৰায় ২৪ হাজাৰ লোক আক্ৰান্ত হৈছে ৷ চৰাইদেউৰ পাছতে এই তালিককাত আছে ধেমাজি আৰু ডিব্ৰুগড় জিলা ৷ দুয়োখন জিলাত ক্ষতিগ্ৰস্তৰ সংখ্যা ক্ৰমে ২২,০০০ আৰু ৪,০০০ লোক । ইয়াৰ লগতে সহস্ৰাধিক জীৱকুলৰ জীৱন বিনষ্ট হৈছে এই বানত ।

সষ্টম জনপ্ৰতিনিধি

নাজিৰাত ইতিমধ্যে স্থানীয় বিধায়ক ময়ূৰ বুঢ়াগোঁহাইৰ নেতৃত্বত আৰম্ভ হৈছে হেলিকপ্টাৰেৰে উদ্ধাৰ অভিযান ৷ মন্ত্ৰী বিমল বড়াই শিৱসাগৰৰ চেৰেকাপাৰত উপস্থিত হৈ বানাক্ৰান্তৰ পৰিস্থিতিৰ বুজ লয় ৷

মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই তেওঁৰ ৪জন কেবিনেট মন্ত্ৰীক উজনি অসমলৈ গৈ আটাইতকৈ বেছি ক্ষতিগ্রস্ত জিলা তিনিখনৰ উদ্ধাৰ আৰু সাহাৰ্য অভিযানৰ সকলো দিশ চোৱাচিতা কৰিবলৈ নির্দেশ দিছে ৷

উল্লেখ কৰা প্ৰয়োজন যে এই বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সোমবাৰৰ পৰা অনিৰ্দিষ্টকালৰ বাবে মাজুলী- -নিমাতী ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে । ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বুৰ গৈছে ফেৰী ৰখোৱা ৰেম্পসমূহ, যাৰ বাবে এই ফেৰী সেৱা বন্ধ কৰিবলগীয়া হৈছে । ফেৰী সেৱা বন্ধ হোৱাৰ লগে লগে মাজুলীবাসীৰ সৈতে দক্ষিণপাৰৰ লগত সংযোগ বিচ্ছিন্ন হৈছে । যোৰহাট নগৰৰ মাজেৰে বৈ যোৱা ভোগদৈ নদীৰ পানী দেওবাৰে নিশা মথাউৰি ওপৰেৰে বোৱাত এক হাহাকাৰময় পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.