• Home  
  • প্ৰয়োজন নহ’লে নোলাব ঘৰৰ পৰা; প্ৰশাসনে জাৰি কৰিলে বিশেষ নিৰ্দেশনা
- গুৱাহাটী

প্ৰয়োজন নহ’লে নোলাব ঘৰৰ পৰা; প্ৰশাসনে জাৰি কৰিলে বিশেষ নিৰ্দেশনা

বিগত কেইবাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বানে ধাৰণ কৰিছে ভয়াৱহ ৰূপ । বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মহানগৰীতো  এক অভাৱনীয়  পৰিৱেশৰ সৃষ্টি হৈছে । বৰষুণৰ বাবে সোমবাৰে পুৱা মহানগৰীৰ মালিগাঁও অঞ্চলত এক ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । পাহাৰৰ পৰা খহি অহা বৃহৎ মাটিৰ স্তূপ আৰু শিলৰ তলত এটি বাসগৃহ সম্পূৰ্ণৰূপে পোত যায় । যাৰ […]

বিগত কেইবাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বানে ধাৰণ কৰিছে ভয়াৱহ ৰূপ । বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মহানগৰীতো  এক অভাৱনীয়  পৰিৱেশৰ সৃষ্টি হৈছে । বৰষুণৰ বাবে সোমবাৰে পুৱা মহানগৰীৰ মালিগাঁও অঞ্চলত এক ভূমিস্খলনৰ ঘটনা সংঘটিত হয় । পাহাৰৰ পৰা খহি অহা বৃহৎ মাটিৰ স্তূপ আৰু শিলৰ তলত এটি বাসগৃহ সম্পূৰ্ণৰূপে পোত যায় । যাৰ ফলত একেটা পৰিয়ালৰে 4 গৰাকীকৈ সদস্যৰ মৃত্যু ঘটিছে । ইয়াৰ পূৰ্বে খাৰঘূলিৰ বেলতলতো সংঘটিত হৈছিল সদৃশ ঘটনা । এই ঘটনাৰ পাচতে মহানগৰবাসীৰ মাজত বৃদ্ধি হৈছে আশংকা ।

কামৰূপ মহানগৰ জিলাৰ কেইবাটাও স্থানত ধাৰাবাহিক ভূমিস্খলনৰ ঘটনা সংঘটিত হোৱাৰ পাচতে জিলা প্ৰশাসনে এক জৰুৰী ৰাজহুৱা জাননী জাৰি কৰিছে । নাগৰিকৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে মহানগৰবাসীলৈ জনাইছে বিশেষ সৰ্তকতা জাননী ।

মহানগৰীত ধাৰাবাহিক বৰষুণৰ পাছতে এতিয়া ভূমিস্খলনৰ আতংক পৰিলক্ষিত হৈছে পাহাৰীয়া এলেকাত বসবাস কৰা নাগৰিকসকলৰ মাজত । প্ৰশাসনৰ তথ্য অনুসৰি, কামাখ্যা মূল পথৰ প্ৰশান্তি লজৰ পৰা ওপৰলৈ, গণেশ মন্দিৰৰ ওচৰৰ কামাখ্যা কলনী, পানীৰ টেংকাৰৰ ওচৰৰ পশ্চিম কামাখ্যা গাঁও, পাণ্ডু মন্দিৰ ঘাট আৰু মালিগাঁৱৰ মাধৱদেৱ নগৰত ভূমিস্খলনৰ আশংকাই দেখা দিছে । লগতে, খাৰঘুলি, নৱগ্ৰহ আদি পাহাৰীয়া অঞ্চলসমূহতো ভূমিস্খলনৰ আশংকা বৃদ্ধি পাইছে । পাহাৰৰ কাষত বা ওলাই থকা বিপজ্জনক স্থানত বসবাস কৰা লোকসকলক জিলা প্ৰশাসনে নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ আৰু সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে ।

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্ত স্বপ্নীল পালে নাগৰিকসকলক মালিগাঁও, পাণ্ডু আৰু অন্যান্য পাহাৰীয়া অঞ্চলসমূহলৈ অপ্ৰয়োজনীয় যাতায়াত পৰিহাৰ কৰিবলৈ অনুৰোধ জনাইছে । ইফালে, কামাখ্যা মন্দিৰৰ মূল পথত সঘনাই ভূমিস্খলন হোৱাৰ বাবে যান-বাহন চলাচল নিয়ন্ত্ৰণ কৰা হ’ব পাৰে বুলিও প্ৰশাসনে জনাইছে । যাৰ বাবে সমস্যাৰ সন্মুখীন হ’ব কামাখ্যা দৰ্শনলৈ অহা ভক্তসকল ।

জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (DDMA) জনোৱা মতে, বানপানী বা ভূমিস্খলন সম্পৰ্কীয় যিকোনো জৰুৰী সহায়ৰ বাবে নাগৰিকে নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ ৯৩৬৫৪-২৯৩১৪ (93654-29314)-ত যোগাযোগ কৰিব পাৰিব ।

Locate us

Balaji Arcade 2nd floor, Lokhra Road. Jyotikuchi, Guwahati. Assam, 781040

Mahabahu Media & Solutions
@2026. All Rights Reserved.