Your Mic Your Voice

সুখবৰ! বিশ্বৰ প্ৰথমটো IVF পদ্ধতিৰে জন্মা থলুৱা মাইকী গৰুৰ জন্ম অসমত

0

পশুপালন আৰু জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত অসমে এটা অভূতপূৰ্ব সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। খানাপাৰাস্থিত Assam Veterinary and Fishery Univercity ত অসমৰ থলুৱা গৰু IVF পদ্ধতি ব্যৱহাৰ কৰি এটি মাইকী গৰু পোৱালি জন্ম দিয়া কাৰ্যই সকলোকে আচম্বিত কৰি তুলিছে। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ই এটি ইতিবাচক খবৰ হিচাপে বিবেচিত হৈছে। অত্যাধুনিক পদ্ধতি ব্যৱহাৰ কৰি গৰুৰ প্ৰজননৰ এই প্ৰক্ৰিয়াত নতুন সংযোজন কৰা বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পশুচিকিৎসা বিজ্ঞানী আৰু সংশ্লিষ্ট বিশেষজ্ঞসকলক অভিনন্দন জনাইছে।

অসমৰ থলুৱা গৰু জাত হৈছে ‘লখিমী’। আৰু এই লখিমী জাতৰ গৰুৰ ক্ষেত্ৰতেই In-Vitro-Fertilisation বা IVF পদ্ধতি ব্যৱহাৰ কৰা হৈছে। এই IVF Laboratory ত এই ঐতিহাসিক সাফল্য লাভ কৰিছে বিজ্ঞানীসকলে। এই লেবৰেটৰীতো Rashtriya Gokul Mission-ৰ সহযোগিতাত স্থাপন কৰা হয়।

unimex

বিশুদ্ধ লখিমী donor cowৰ ডিম্বাণু আৰু বিশুদ্ধ লখিমী bull ৰ semen ব্যৱহাৰ কৰি লেবৰেটৰীত embryo সৃষ্টি কৰা হৈছিল। পিছত সেই embryo এটা crossbred recipient heifer ৰ সহায়ত গৰ্ভত স্থাপন কৰা হয়। আৰু এই প্ৰক্ৰিয়া সফল হ’লে জন্ম হয় লখিমী জাতৰ এই মাইকী পোৱালিৰ।

এই পদ্ধতিয়ে Lakhimi cattle breed ৰ সংৰক্ষণ আৰু বংশবৃদ্ধিৰ ক্ষেত্ৰত নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। এই প্ৰক্ৰিয়াই উন্নত জেনেটিক কোৱালিটি থকা গৰুৰ সংখ্যা তুলনামূলকভাৱে বৃদ্ধি কৰাৰ লগতে ভৱিষ্যতে পশুপালন তথা দুগ্ধ উৎপাদন শক্তিশালী কৰাৰ ক্ষেত্ৰত এই প্ৰযুক্তিৰ যথেষ্ট সম্ভাৱনা আছে।

অসমৰ বাবে এই প্ৰযুক্তি নতুন নহয়। এই বৰ্ষৰে ২৬ মাৰ্চত কামৰূপ জিলাৰ সোণাৰিত এখন ডায়েৰী ফাৰ্মত IVF আৰু embryo transfer technology ব্যৱহাৰ কৰি অসমৰ প্ৰথমটো IVF জন্মা পোৱালিৰ জন্ম হৈছিল।

Leave A Reply

Your email address will not be published.

Translate »