শিহৰণকাৰী ঘটনা! প্ৰেমৰ বাবেই পিতৃক হত্যা জীয়ৰীৰ
মাথো প্ৰেমৰ বাবেই উত্তৰ প্ৰদেশৰ বস্তীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এগৰাকী ১৭ বছৰীয়া ছোৱালীয়ে প্ৰেমৰ বাবেই পিতৃক হত্যা কৰাৰ দৰে নৃসংশ ঘটনা সংঘটিত হৈছে।
ঘটনাৰ বিৱৰণী অনুসৰি উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই কৰুণ ঘটনা। দুৰ্গা নামৰ এজনী ১৭ বছৰীয়া ছোৱালীয়ে পিতৃ কৃষ্ণাক প্ৰেমিকৰ সৈতে মিলি ডিঙি চেপি হত্যা কৰে।

প্ৰেমিকৰ সৈতে কুহিয়াৰ খেতিৰ মাজত অসংযত অৱস্থাত পিতৃয়ে প্ৰত্যক্ষ কৰাৰ পিছত তেওঁলোকৰ মাজত বিবাদ সংঘটিত হয়। আৰু ইয়াৰ পিছতে দুয়ো মিলি হত্যা কৰে কৃষ্ণাক।
উল্লেখ্য যে, প্ৰায় দুবছৰ ধৰি ওচৰৰ গাঁওৰ লক্ষ্মণ নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল ছোৱালীজনী। ঘৰৰ পৰা এই সম্পৰ্কত বিৰোধ কৰিছিল পিতৃয়ে। ইপিনে পিতৃক হত্যা কৰি লুকাই ৰখাৰো অভিযোগ উঠিছে দুৰ্গা ওৰফে লাড়লীৰ বিৰুদ্ধে। এই ঘটনাৰ পিছতে আৰক্ষীয়ে ল’ৰা ছোৱালীহালক আটক কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।