শিক্ষকতা বৃত্তিত কলংক! ছাত্ৰীৰ সৈতে ৰিজ’ৰ্টত জন্মদিন পালন বিষয় শিক্ষকৰ, ভাইৰেল ভিডিঅ’ক লৈ তীব্ৰ চাঞ্চল্য
শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত পুনৰ কালিমা সানিলে এগৰাকী বিষয় শিক্ষকে। এইবাৰৰ ঘটনাৰ স্থান ওদালগুৰিৰ ডিমাকুছিৰ শেখৰ শংকৰদেৱ মিছন উচ্চতৰ মাধ্যমিক বিদ্যালয়।
ছাত্ৰীৰ সৈতে ধাবাৰ দৰে নিৰ্জন ৰিজ’ৰ্টত জন্মদিন উদযাপন কৰা এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতে সৰ্বত্ৰে তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাইৰেল ভিডিঅ’টোত বিদ্যালয়খনৰ এগৰাকী ছাত্ৰীৰ সৈতে বিষয় শিক্ষকগৰাকীক একেলগে জন্মদিন উদযাপন কৰা দেখা গৈছে।

এয়া কেৱল জন্মদিন উদযাপন নে ইয়াৰ আঁৰত আছে আন কোনো ৰহস্য? ভিডিঅ’টোৰ দৃশ্যক লৈ এতিয়া বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে।
উল্লেখযোগ্য যে এই ঘটনা প্ৰথম নহয়। ইয়াৰ পূৰ্বেও শিক্ষকগৰাকীৰ বিৰুদ্ধে এনেধৰণৰ বহু অভিযোগ উত্থাপিত হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।
ঘটনাক লৈ ডিমাকুছিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু সচেতন মহলে ইয়াৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে।