বিশ্বনাথৰ পশ্চিম চাৰিআলি ছট্ পূজা সমিতিৰ কাৰ্যালয় মুকলি
বিশ্বনাথৰ পশ্চিম চাৰিআলি ছট্ পূজা সমিতিয়ে আজি আনুষ্ঠানিকভাৱে ফলফলি পুখুৰী বাকৰিত নিজৰ কাৰ্যালয় মুকলি কৰে। বিশ্বনাথ চেম্বাৰ অফ কমাৰ্চৰ কাৰ্যকৰী সভাপতি বিক্ৰম ডুবেই ফিটা কাটি এই কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰে।
এই উপলক্ষে আয়োজিত সভাত বিশ্বনাথবাসী ৰাইজৰ লগতে বহু সংখ্যক ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে। উপস্থিত ৰাইজৰ মাজত ছট্ পূজাক লৈ যথেষ্ট উৎসাহ-উদ্দীপনা দেখা যায়।
সভাত বক্তব্য ৰাখি বিক্ৰম ডুবেই কয় যে, ছট্ পূজা কেৱল এটা ধৰ্মীয় উৎসৱেই নহয়, ই একতা, শৃংখলা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতীক। তেওঁ কয়, “ছট্ পূজাই সকলো জাতি-ধৰ্মৰ লোকক একত্ৰিত কৰে। এই পূজাৰ জৰিয়তে সমাজত ভাতৃত্ববোধ আৰু পাৰস্পৰিক সহযোগিতাৰ ভাৱনা অধিক শক্তিশালী হয়।”
নতুন কাৰ্যালয় মুকলি হোৱাৰ লগে লগে পূজাৰ প্ৰস্তুতি আৰু সুচাৰুৰূপে পৰিচালনা কৰাত সমিতিয়ে অধিক সুবিধা লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। লগতে পূজাৰ সময়ত যাতে কোনো ভক্তই অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে সকলোৱে মিলি কাম কৰিব লাগিব বুলি তেওঁ আহ্বান জনায়।

সমিতিৰ বিষয়ববীয়াসকলে জানিবলৈ দিয়ে যে, এইবাৰ ফলফলি পুখুৰী পাৰত ছট্ পূজা অতি সুন্দৰ আৰু শৃংখলাবদ্ধভাৱে উদযাপন কৰাৰ বাবে সকলো প্ৰস্তুতি চলাই থকা হৈছে।
ভক্তসকলৰ সুবিধাৰ বাবে পানী, পোহৰ, বহাৰ ব্যৱস্থা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। পুখুৰীৰ পাৰ পৰিষ্কাৰ কৰা, অস্থায়ী ঘাট নিৰ্মাণ কৰা, পোহৰৰ ব্যৱস্থা কৰাৰ লগতে যান-বাহন পাৰ্কিং আৰু নিৰাপত্তাৰ ক্ষেত্ৰতো সমিতিয়ে বিশেষ পদক্ষেপ লৈছে।
লগতে পূজাৰ দিনা ভক্তসকলক যাতে কোনো ধৰণৰ অসুবিধা নহয়, তাৰ বাবে স্বেচ্ছাসেৱকৰ দলো গঠন কৰা হৈছে বুলি সমিতিৰ তৰফৰ পৰা জনোৱা হয়।
শেষত সমিতিৰ তৰফৰ পৰা উপস্থিত সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে আগন্তুক ছট্ পূজা সফলভাৱে উদযাপন কৰাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰা হয়।