যোৰহাটত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ স্বৰ্ণ জয়ন্তী মহোৎসৱৰ প্ৰস্তুতি
অসমৰ জাতীয়তাবাদী আন্দোলনৰ এক উজ্জ্বল নাম অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ। ১৯৭৮ চনৰ ১২ মাৰ্চত জন্মলাভ কৰা এই সংগঠনটোৱে এতিয়া গৌৰৱময় সংগ্ৰামী যাত্ৰাৰ ৫০ বছৰ সম্পূৰ্ণ কৰিবলৈ গৈ আছে।
এই ঐতিহাসিক মুহূৰ্তক স্মৰণীয় কৰি ৰাখিবলৈ ২০২৭ চনৰ ৯ আৰু ১০ এপ্ৰিলত যোৰহাটত অনুষ্ঠিত হ’ব স্বৰ্ণ জয়ন্তী মহোৎসৱৰ শুভাৰম্ভণী অনুষ্ঠান।
এই মহোৎসৱক সফল আৰু স্মৰণীয় কৰি তোলাৰ উদ্দেশ্যে আজি যোৰহাট জিলা পুথিভঁৰালৰ প্ৰাংগণত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাইসহ কেন্দ্ৰীয় বিষয়ববীয়াসকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত যোৰহাটৰ ৰাইজ আৰু বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

সভাত সৰ্বসন্মতিক্ৰমে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়।
সভাই স্বৰ্ণ জয়ন্তী মহোৎসৱক সফল কৰি তোলাৰ লগতে সংগঠনটোৰ ৫০ বছৰীয়া গৌৰৱময় ইতিহাস, সংগ্ৰাম আৰু জাতীয়তাবাদী আদৰ্শক নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই নিয়াৰ দৃঢ় সংকল্প গ্ৰহণ কৰে।
যোৰহাটৰ ৰাইজৰ উৎসাহ-উদ্দীপনাই স্বৰ্ণ জয়ন্তী মহোৎসৱক যে এক ঐতিহাসিক ৰূপ দিব, সেয়া সভাত স্পষ্ট হৈ পৰে।