ভিয়েটনামৰ ৰাষ্ট্ৰপতি ট’ লামক সাক্ষাৎ অজিত ডোভালৰ
ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ভিয়েটনাম ভ্ৰমণৰ সময়ত দেশখনৰ ৰাষ্ট্ৰপতি ট’ লামক সাক্ষাৎ কৰে।
সাক্ষাৎকালত ডোভালে ৰাষ্ট্ৰপতি লামক তেওঁৰ ভ্ৰমণৰ ফলাফল, দ্বিপাক্ষিক আলোচনা আৰু দুয়োখন দেশৰ মাজৰ নিৰাপত্তা সহযোগিতা সন্দৰ্ভত বিতংভাৱে অৱগত কৰে।

দুয়োগৰাকী নেতাৰ মাজত আঞ্চলিক নিৰাপত্তা, পাৰস্পৰিক সহযোগিতা বৃদ্ধি আৰু ভৱিষ্যৎ কৌশলগত অংশীদাৰিত্ব সন্দৰ্ভতো আলোচনা হয় বুলি জানিব পৰা গৈছে।
ভাৰত-ভিয়েটনামৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ দিশত এই সাক্ষাৎ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।