Your Mic Your Voice

দিপাৱলীত নিশা ১০ বজাৰ পিছত ফটকা ফুটাব নোৱাৰিব! উচ্চতম ন্যায়ালয়ৰ ডাঙৰ নিৰ্দেশনা

0

আগন্তুক দীপাৱলীক লৈ আতচবাজীৰ বিক্ৰী আৰু ব্যৱহাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। দিল্লীৰ বায়ু প্ৰদূষণক লৈ দাখিল হোৱা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে এই নিৰ্দেশনা প্ৰদান কৰে।

unimex

ন্যায়াধীশ এম এম সুন্দৰেশৰ বিচাৰপীঠে দিল্লী চৰকাৰক আতচবাজীৰ বিক্ৰীৰ ওপৰত কঠোৰ নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে। কেৱল পৰিৱেশ অনুকূল সেউজীয়া আতচবাজীহে বিক্ৰী কৰিবলৈ অনুমতি দিবলৈ কোৱা হৈছে।

লগতে আতচবাজী ফুটোৱাৰ সময়ো বান্ধি দিছে ন্যায়ালয়ে। ৭ আৰু ৮ নৱেম্বৰত পুৱা ৬-৭ বজা আৰু নিশা ৮-১০ বজালৈহে ফটকা ফুটাব পাৰিব। ৯ নৱেম্বৰত সম্পূৰ্ণ নিষিদ্ধ। হাস্পতাল, স্কুল, বৃদ্ধাশ্ৰম আৰু নীৰৱ অঞ্চলৰ ৩০০ মিটাৰৰ ভিতৰত ফটকা ফুটাব নোৱাৰিব।

Leave A Reply

Your email address will not be published.

Translate »