Your Mic Your Voice

তামাৰহাটৰ গুমা ফেৰিঘাটত নাও দুৰ্ঘটনা, নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

0

ধুবুৰী: তামাৰহাটৰ গুমা ফেৰিঘাটত আজি সংঘটিত হৈছে এক নাও দুৰ্ঘটনা। গংগাধৰ নদীৰ বুকুত তামাৰহাটৰ পৰা কঁঠালতলিলৈ যাত্ৰা কৰাৰ সময়তে যাত্ৰীবাহী নাওখন দুৰ্ঘটনাত পতিত হয়। নাওখনৰ তলি ফাটি যোৱাত হুৰাহুৰকৈ পানী সোমাই অহাৰ ফলত নদীৰ মাজতে আবদ্ধ হৈ পৰে শতাধিক যাত্ৰী।

জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত নাওখনত শতাধিক যাত্ৰীৰ লগতে আছিল এটা ই-ৰিক্সা আৰু কুৰিৰো অধিক মটৰচাইকেল। নাওখনৰ এটা অংশ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে। ইফালে নদীৰ বুকুত এককাল-একাঠু পানীৰ মাজত জীৱন ৰক্ষাৰ বাবে আশ্ৰয় ল’বলগীয়া হৈছে যাত্ৰীসকলে।

unimex

আবদ্ধ যাত্ৰীসকলৰ অধিকাংশই মহিলা আৰু শিশু বুলি জানিব পৰা গৈছে। হঠাতে নাওখনত পানী সোমাবলৈ ধৰাত যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। জীৱন ৰক্ষাৰ বাবে একাংশ যাত্ৰীয়ে নাওখনৰ ওপৰত আৰু পানীৰ মাজতে আশ্ৰয় ল’বলগীয়া হয়।

স্থানীয় লোকৰ অভিযোগ অনুসৰি, ফেৰিঘাটটোত দীৰ্ঘদিন ধৰি নীতিনিয়ম উলংঘা কৰি নাও সেৱা চলাই অহা হৈছিল। মেৰিন ইঞ্জিনচালিত নাওৰ ব্যৱস্থা নথকাৰ লগতে যাত্ৰীসকলৰ বাবে পৰ্যাপ্ত লাইফ জেকেটৰো ব্যৱস্থা কৰা হোৱা নাছিল বুলি অভিযোগ উঠিছে। আনকি পানীৰ মাজেৰে পাটৰ জপা দি যাত্ৰী পাৰাপাৰ কৰোৱা হৈছিল বুলিও অভিযোগ কৰিছে স্থানীয় ৰাইজে।

Leave A Reply

Your email address will not be published.

Translate »