চন্দ্ৰপুৰত ইছৰোৰ ‘ইষ্ট্ৰেক উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন
গুৱাহাটী: অসমৰ মহাকাশ প্ৰযুক্তিৰ ক্ষেত্ৰত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰি আজি কামৰূপ (মহানগৰ) জিলাৰ চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ‘ইছৰো’ (ISRO)-ৰ টেলিমেট্ৰী, ট্ৰেকিং আৰু কমাণ্ড নেটৱৰ্কৰ অধীনত ‘ইষ্ট্ৰেক উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰ’ৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰা হয়। অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি এই কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে, এই প্ৰকল্পৰ ফলত চন্দ্ৰপুৰৰ নাম বেংগালুৰু বা শ্ৰীহৰিকোটাৰ দৰে মহাকাশ বিজ্ঞানৰ সৈতে গৌৰৱেৰে জড়িত হৈ পৰিব। তেওঁ লগতে ঘোষণা কৰে যে অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই কেন্দ্ৰত ডাৱৰ গৱেষণাৰ বাবে প্ৰথমটো ৰাডাৰ স্থাপনৰ ব্যৱস্থা কৰা হ’ব।

এই কেন্দ্ৰটোৰ মূল উদ্দেশ্য হৈছে ইছৰোৰ ‘প্ৰজেক্ট নেত্ৰ’ (Project NETRA)-ৰ অংশ হিচাপে মহাকাশৰ বিভিন্ন বস্তুৰ নিৰীক্ষণ আৰু অনুসৰণ কৰা। পৃথিৱীৰ কক্ষপথত থকা উপগ্ৰহ আৰু অন্যান্য মহাকাশ সম্পদৰ সুৰক্ষা নিশ্চিত কৰাৰ ক্ষেত্ৰত এই অত্যাধুনিক ৰাডাৰ ব্যৱস্থা আৰু টেলিস্কোপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ইয়াৰ ফলত দেশৰ মহাকাশ প্ৰযুক্তিৰ সামৰ্থ্য বৃদ্ধি পোৱাৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এক সুপ্ৰসাৰী মহাকাশ প্ৰযুক্তিৰ পৰিৱেশ গঢ় লৈ উঠিব।
মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, পূৰ্বৰ চন্দ্ৰপুৰৰ তাপবিদ্যুৎ কেন্দ্ৰৰ প্ৰায় ২০০ বিঘা ভূমি ইছৰোক এই প্ৰকল্পৰ বাবে বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে। তেওঁ লগতে সোণাপুৰৰ ‘বিজ্ঞান নগৰী’ৰ উন্নীতকৰণৰ বাবে ইছৰোক কাৰিকৰী সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।
অনুষ্ঠানত ইছৰোৰ সঞ্চালক এম আৰ বাঘৱেন্দ্ৰ, ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ সচিব তথা ইছৰোৰ অধ্যক্ষ ড° ভি নাৰায়ণন, অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।