Your Mic Your Voice

বন্দুক নিমাত হোৱাৰ সময়ত বহুত দেৰি হৈ যাব: ভাৰত-পাকিস্তান আলোচনাৰ পোষকতা ফাৰুক আব্দুল্লাৰ!

0

নেচনেল কনফাৰেন্সৰ সভাপতি তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই বৃহস্পতিবাৰে ভাৰত আৰু পাকিস্তানৰ মাজত পুনৰ আলোচনা আৰম্ভ কৰাৰ বাবে জোৰদাৰ দাবী জনালে। তেওঁ স্পষ্টকৈ কয় যে গুলি-বাৰুদ আৰু সামৰিক সংঘৰ্ষৰে কেতিয়াও ৰাজনৈতিক সমস্যাৰ সমাধান হ’ব নোৱাৰে। শত্ৰুতা সম্পূৰ্ণৰূপে বন্ধ হোৱালৈ অপেক্ষা নকৰি এতিয়াই অৰ্থপূৰ্ণ আলোচনা আৰম্ভ কৰিব লাগে।

সাংবাদিকৰ সৈতে কথা পাতি আব্দুল্লাই কয়, “আপুনি যদি অপেক্ষা কৰি থাকে, যেতিয়ালৈকে সকলোৰে গুলি বন্ধ নহয়, তেতিয়ালৈকে ৰাতি হৈ যাব।” অৰ্থাৎ বন্দুক নিমাত হোৱাৰ সময়ত বহুত দেৰি হৈ যাব।

কেন্দ্ৰীয় চৰকাৰৰ “আলোচনা আৰু গুলি একেলগে চলিব নোৱাৰে” স্থিতিৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ এই মন্তব্য কৰে।

অৱসৰপ্ৰাপ্ত তথ্য বিষয়া মদন মান্টুৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ যোৱাৰ পাছত সাংবাদিকৰ আগত আব্দুল্লাই পাকিস্তানক সন্ত্ৰাসবাদ ত্যাগ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, “মই সদায় পাকিস্তানক সন্ত্ৰাসবাদ বন্ধ কৰিবলৈ কৈ আহিছো। সন্ত্ৰাসবাদৰ দ্বাৰা একো লাভ কৰিব নোৱাৰি। আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ হ’বই লাগিব, কাৰণ আলোচনাৰ জৰিয়তেহে আগলৈ যোৱাৰ পথ ওলাব।”

unimex

একেদৰে তেওঁ পুনৰ স্পষ্ট কৰে যে কাশ্মীৰ ভাৰতৰ অবিচ্ছেদ্য অংগ আছিল, আছে আৰু থাকিব। কাশ্মীৰক লৈ স্বপ্ন দেখা লোকসকলে সেই মনোভাৱ ত্যাগ কৰিব লাগে বুলিও তেওঁ কয়।

শেহতীয়াকৈ কুলগাম আৰু কিষ্টৱাৰ জিলাত সংঘটিত দুটা সন্ত্ৰাসবাদী আক্ৰমণত দুজন বিশেষ আৰক্ষী বিষয়া (SPO) নিহত হোৱা আৰু তিনিজন CRPF জোৱান আহত হোৱা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আব্দুল্লাই কয়, “এনে ঘটনা এতিয়াও ঘটি আছে। পৰৱৰ্তী আক্ৰমণ ক’ত হ’ব কোনেও নাজানে।”

ইয়াৰ উপৰিও তেওঁ SAARC পুনৰ জীৱিত কৰাৰ আহ্বান জনায়। তেওঁ কয় যে ইউৰোপীয় ইউনিয়নৰ দৰে দক্ষিণ এছিয়াৰ দেশসমূহেও একেলগে আহি মতভেদ দূৰ কৰি সামূহিক উন্নতিৰ বাবে কাম কৰিব লাগে।

আগতে পাকিস্তান সন্দৰ্ভত দিয়া মন্তব্যক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভতো তেওঁ স্পষ্টীকৰণ দিয়ে। তেওঁ কয় যে তেওঁৰ মন্তব্যক ভুলকৈ উপস্থাপন কৰা হৈছিল। তেওঁ ১৯৪৭ চনৰ জনজাতীয় আক্ৰমণৰ সময়ত সংঘটিত অত্যাচাৰৰ কথা সোঁৱৰাই দিছিল বুলিহে কয়।

Leave A Reply

Your email address will not be published.

Translate »