ৰাজ্যিক শিক্ষক বঁটা লাভ কৰিব ১৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীয়ে
গুৱাহাটী: শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি অসম চৰকাৰে ২০২৬ বৰ্ষৰ ৰাজ্যিক শিক্ষক বঁটাৰ বাবে ১৫ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক নিৰ্বাচিত কৰিছে। অহা ৫ ছেপ্টেম্বৰত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া বিশেষ অনুষ্ঠানত তেওঁলোকক আনুষ্ঠানিকভাৱে সন্মানিত কৰা হ’ব।
পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোৰ বাবে শিক্ষা সঞ্চালকালয়ে ইতিমধ্যে বঁটাপ্ৰাপক শিক্ষক-শিক্ষয়িত্ৰীসকলক নিৰ্ধাৰিত সময়ত উপস্থিত থাকিবলৈ আহ্বান জনাইছে।
এইবাৰ ৰাজ্যিক শিক্ষক বঁটাৰ তালিকাত প্ৰাথমিক আৰু মাধ্যমিক—দুয়োটা শাখাৰ শিক্ষকক অন্তৰ্ভুক্ত কৰা হৈছে। মাধ্যমিক শাখাৰ ৯ গৰাকী আৰু প্ৰাথমিক শাখাৰ ৬ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক এই সন্মানৰ বাবে নিৰ্বাচন কৰা হৈছে।
মাধ্যমিক শাখাত বঁটাৰ বাবে নিৰ্বাচিত শিক্ষকসকলৰ ভিতৰত আছে যোৰহাটৰ মালৌ আলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্যামলীমা বৰা, কামৰূপ মহানগৰৰ কামাখ্যা বিদ্যালয় হাইস্কুলৰ সহকাৰী শিক্ষক বিজন ৰায় ভৌমিক আৰু নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক মানৱ ভৰালী।

ইয়াৰ উপৰি ডিব্ৰুগড়ৰ পি.এম. শ্ৰী ৰহমৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰিজু কুমাৰ চুতীয়া, শোণিতপুৰৰ তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক প্ৰবীণ কোচ, বৰপেটাৰ পি.এম. শ্ৰী ভেলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰণেন্দ্ৰ কুমাৰ দাস, ধুবুৰীৰ পি.এম. শ্ৰী জামাদাৰহাট জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আজিজুৰ ৰহমান, নগাঁৱৰ বৰপূজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মাণিক চন্দ্ৰ নাথ আৰু কোকৰাঝাৰৰ হৰিণাগুৰি হাইস্কুলৰ সহকাৰী শিক্ষক বিবি প্ৰসাদ ব্ৰহ্মকো এই তালিকাত স্থান দিয়া হৈছে।
আনহাতে, প্ৰাথমিক শাখাত গোলাঘাটৰ চৌকিয়াল প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পুলস্ক ৰাজখোৱা, হোজাইৰ হাতীখালী অসমীয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সাৰংগ নিৰ্মলীয়া আৰু ডিব্ৰুগড়ৰ ফটিকাচোৱা অভয়পুৰীয়া এম.ভি.এছ.-ৰ সহকাৰী শিক্ষক দিতি মনি দত্তক নিৰ্বাচিত কৰা হৈছে।
তালিকাখনত দৰঙৰ ১৮২ নং গোবিন্দ ধাম প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক বেফুলা ডেকা শইকীয়া, কাছাৰৰ ৫৭ নং টিকাল পাৰ টি.ই. প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক স্বস্ত্যায়ন দেব আৰু কাৰ্বি আংলঙৰ বকালীয়াঘাট চৰকাৰী এম.ভি. বিদ্যালয়ৰ প্ৰধান শিক্ষক কামসিং হাঞ্চেৰ নামো আছে।
শিক্ষা সঞ্চালকালয়ৰ মতে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়ত শিক্ষাদানৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱা শিক্ষক-শিক্ষয়িত্ৰীসকলক স্বীকৃতি দিয়াৰ উদ্দেশ্যে এই বঁটাৰ বাবে নিৰ্বাচন কৰা হৈছে। উৎকৃষ্ট শিক্ষকতাক উৎসাহিত কৰা আৰু শিক্ষা ক্ষেত্ৰত শিক্ষকসকলৰ অৱদানক সন্মান জনোৱাই ৰাজ্যিক শিক্ষক বঁটাৰ মূল উদ্দেশ্য।