শিৱসাগৰত আছুৰ বিশাল মমশিখা সমদল, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদানৰ দাবীত উত্তাল ৰাজপথ
সমগ্ৰ অসমৰ লগতে ঐতিহাসিক শিৱসাগৰতো সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ণ কৰা হয় প্ৰতিবাদী ‘মমশিখা সমদল’ কাৰ্যসূচী।
প্ৰাণৰ শিল্পী, হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত আৰু ন্যায় প্ৰদানৰ দাবীত ৰাজ্যৰ প্ৰতিখন জিলাৰ সদৰতে আছুৱে এই প্ৰতিবাদ সাব্যস্ত কৰে।

শিৱসাগৰৰ বৰ্ডিং ৰোডস্থিত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা উলিওৱা এই মমশিখা সমদলে নগৰৰ বিভিন্ন ৰাজআলি পৰিভ্ৰমণ কৰে। শতাধিক আছুৰ নেতা-কৰ্মী তথা জুবিন অনুৰাগীয়ে হাতত মম লৈ এই সমদলত অংশগ্ৰহণ কৰে।
এই প্ৰতিবাদী সমদলত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন, শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলৰ লগতে কেইবাশতাধিক সদস্য।
সমদলৰ সময়ত প্ৰতিবাদকাৰীসকলে ‘জুবিন নামৰ সত্তাটোক লৈ হেতালি খেলা সকলোকে কঠোৰ শাস্তি প্ৰদান কৰক’, ‘প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক’, ‘Justice For Zubeen Garg’ আদি শ্ল’গানেৰে শিৱসাগৰৰ ৰাজপথ উত্তাল কৰি তোলে।