স্পেইনৰ ৰে’ল দুৰ্ঘটনা: হাই-স্পীড ৰে’লৰ সুৰক্ষাক লৈ প্ৰশ্ন
স্পেইনত বুধবাৰে (২৮ অক্টোবৰ, ২০২৬) সংঘটিত হোৱা ভয়ংকৰ ৰে’ল দুৰ্ঘটনাই সমগ্ৰ ইউৰোপক জোকাৰি গৈছে। মাদ্ৰিদৰ পৰা ১২০ কিঃমিঃ দক্ষিণত Urda ৰ ওচৰত দুখন হাই-স্পীড ট্ৰেইনৰ সংঘৰ্ষত কমেও ৬৮ জনৰ মৃত্যু আৰু ৮০ জনতকৈ অধিক লোক আহত হৈছে। এইটো যোৱা ১৩ বছৰত স্পেইনৰ আটাইতকৈ ডাঙৰ ৰে’ল দুৰ্ঘটনা।
কি হৈছিল?
পুৱা ৮:৩০ বজাত মাদ্ৰিদ-ছেভিল হাই-স্পীড লাইনৰ কম্পিউটাৰ ছিগনেলিং ব্যৱস্থা (LZB Safety System) বিকল হয়। ইয়াৰ ফলত ৬৩ কিঃমিঃ অংশত ৬ খন ট্ৰেইন ৰৈ যায়। ইয়াৰ ভিতৰত Iryo কোম্পানীৰ ট্ৰেইনখন (১৪৭ জন যাত্ৰী) ৰৈ আছিল।
কিন্তু মাদ্ৰিদৰ ADIF কণ্ট্ৰল চেণ্টাৰে পুৱা ৮:৩৬ বজাত ৰঙা সংকেত থাকা সত্ত্বেও Renfe ৰ AVE ট্ৰেইনখনক (৩৯৭ জন যাত্ৰী) পুনৰ স্বাভাৱিক গতিত যাবলৈ অনুমতি দিয়ে। পৰিবহণ মন্ত্ৰী Óscar Puente-এ এই নিৰ্দেশক “অব্যাখ্যাযোগ্য” (Inexplicable) বুলি কৈছে। প্ৰায় ২৫ কিঃমিঃ ২০০ কিঃমিঃ/ঘণ্টা বেগত গৈ Renfe ট্ৰেইনখনে থিয় হৈ থকা Iryo ট্ৰেইনখনক পিছফালৰ পৰা খুন্দা মাৰে। খুন্দাৰ ফলত কেইবাটাও দবা বাগৰি পৰে আৰু এটাত জুই লাগে।

সুৰক্ষাৰ ৰেকৰ্ডত প্ৰশ্ন কিয়?
স্পেইনৰ হাই-স্পীড নেটৱৰ্ক ইউৰোপৰ আটাইতকৈ দীঘল (৪,০০০ কিঃমিঃ) আৰু ২০২৩ চনলৈকে EU ত আটাইতকৈ সুৰক্ষিত আছিল। ১৯৯২ ত হাই-স্পীড সেৱা আৰম্ভ হোৱাৰ পৰা ২০২৬ ৰ জানুৱাৰীলৈকে কোনো মৃত্যু হোৱা নাছিল।
কিন্তু এই বছৰটোতে ২ টাকৈ ডাঙৰ দুৰ্ঘটনা হৈছে:
- ১৮ জানুৱাৰী ২০২৬, Adamuz:একে মাদ্ৰিদ-ছেভিল লাইনতে ৰে’লৰ ৰেল ফাটি ৪৬ জনৰ মৃত্যু
- ২৮ অক্টোবৰ ২০২৬, Urda:ছিষ্টেম ফেইল + মানৱ ভুলত ৬৮ জনৰ মৃত্যু
- ২০১৩, Santiago de Compostela:৭৯ জনৰ মৃত্যু (হাই-স্পীড নহয়, সাধাৰণ লাইন)
একে কৰিডৰ, একে দুটা কোম্পানী (Renfe আৰু Iryo) বাৰে বাৰে দুৰ্ঘটনাত পৰাত ৰক্ষণাবেক্ষণ, পুৰণি ছিগনেলিং ব্যৱস্থা আৰু মানৱ নিয়ন্ত্ৰণৰ ওপৰত নিৰ্ভৰশীলতা লৈ প্ৰশ্ন উঠিছে। প্ৰধানমন্ত্ৰী Pedro Sánchez-এ ৩ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে আৰু “কঠোৰ ব্যৱস্থা” লোৱাৰ প্ৰতিশ্ৰুতি দিছে।