শিৱসাগৰত পুনৰ এনকাউণ্টাৰ, পলাবলৈ চেষ্টা কৰা অভিযুক্তলৈ আৰক্ষীৰ গুলী
শিৱসাগৰ: শিৱসাগৰৰ বিহুবৰত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰাৰ সময়তে ড্ৰাগছ মাফিয়া হিচাপে অভিযুক্ত ৰুবুল খানলৈ আৰক্ষীয়ে গুলীচালনা কৰে।
জানিব পৰা মতে, পুৱতি নিশা আৰক্ষীৰ জিম্মাত থকা ৰুবুল খানে পলায়নৰ চেষ্টা কৰে। সেই সময়তে আৰক্ষীয়ে তেওঁক বাধা দিবলৈ গুলীচালনা কৰে। আৰক্ষীৰ গুলীত ৰুবুল খানৰ সোঁভৰিত গুলী লাগে।
বিহুবৰৰ বিমান বৰুৱা হত্যাকাণ্ডৰ আন এগৰাকী অভিযুক্ত ৰুবুল খান। তেওঁ ড্ৰাগছ মাফিয়া বিকি সিঙৰ সহযোগী বুলিও আৰক্ষীৰ সূত্ৰত জানিব পৰা গৈছে।

গুলীবিদ্ধ ৰুবুল খানক ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে।
উল্লেখ্য যে, বিহুবৰ অঞ্চলত সংঘটিত বিমান বৰুৱা হত্যাকাণ্ড আৰু ড্ৰাগছ সৰবৰাহৰ গোচৰক কেন্দ্ৰ কৰি আৰক্ষীৰ তদন্ত অব্যাহত আছে। ঘটনাটোক লৈ শিৱসাগৰত পুনৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।