Your Mic Your Voice

এম্বুলেন্সত ৰোগীৰ পৰিৱৰ্তে ওলাল চোৰাং গৰু

0

ধুবুৰী: এম্বুলেন্সত ৰোগীৰ পৰিৱৰ্তে উদ্ধাৰ হ’ল চোৰাং গৰু। ধুবুৰীৰ গোলকগঞ্জৰ আগমনি আৰক্ষীয়ে অভিযান চলাই চোৰাং গৰু কঢ়িয়াই অনা এখন এম্বুলেন্স জব্দ কৰে।

জানিব পৰা মতে, পশ্চিমবংগৰ পৰা আগমনিৰ খেৰবাৰী হৈ গৌৰীপুৰ অভিমুখে গৈ আছিল এম্বুলেন্সখন। সন্দেহজনকভাৱে চলাচল কৰা এম্বুলেন্সখনক খেৰবাৰী চতুৰ্থ খণ্ড গাঁৱৰ পৰা আগমনি আৰক্ষীয়ে খেদি খেদি ৰতিয়াদহ ট্ৰাফিক পইণ্টৰ ওচৰত আটক কৰে।

unimex

পৰৱৰ্তী সময়ত আৰক্ষীয়ে এম্বুলেন্সখনত তালাচী চলোৱাত তিনিটাকৈ চোৰাং গৰু উদ্ধাৰ হয়। আৰক্ষীয়ে গৰুসহ এম্বুলেন্সখন জব্দ কৰে।

ইফালে আৰক্ষীৰ অভিযানৰ উমান পাই এন্ধাৰৰ সুযোগ লৈ এম্বুলেন্সখনৰ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। জব্দ কৰা এম্বুলেন্সখনৰ পঞ্জীয়ন নম্বৰ ML-13 A-7086।

ঘটনা সন্দৰ্ভত আগমনি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু পলায়ন কৰা চালকজনৰ সন্ধানত অভিযান চলাইছে।

Leave A Reply

Your email address will not be published.

Translate »