Your Mic Your Voice

নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰা

0

খবৰ: নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছে অৱশেষত দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। প্ৰাক্তন বিধায়িকা শিৱামণি বৰাক দলৰ প্ৰাৰ্থী হিচাপে বাছনি কৰা হৈছে। কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে তেওঁৰ প্ৰাৰ্থিত্বত অনুমোদন জনোৱাৰ পিছত সোমবাৰে দলটোৱে আনুষ্ঠানিকভাৱে নাম ঘোষণা কৰে।

আগন্তুক ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগৰ সূচী অনুসৰি ১৬ ছেপ্টেম্বৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। ৯ অক্টোবৰত ভোটগণনা অনুষ্ঠিত হ’ব।

নগাঁও সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি ইতিমধ্যে ৰাজ্যৰ ৰাজনীতিত তৎপৰতা বৃদ্ধি পাইছে। শাসকীয় বিজেপিয়ে সমষ্টিটোৰ বাবে প্ৰাক্তন জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ইতিমধ্যে সমষ্টিটোৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে।

unimex

ইফালে শিৱামণি বৰাক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি কংগ্ৰেছেও বিজেপিৰ বিৰুদ্ধে পোনপটীয়া যুঁজৰ বাবে সাজু হৈছে। প্ৰাৰ্থিত্ব ঘোষণাৰ লগে লগে দলটোৰ সাংগঠনিক তৎপৰতা আৰু নিৰ্বাচনী প্ৰস্তুতি অধিক তীব্ৰ হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য, ২০২৪ চনৰ লোকসভা নিৰ্বাচনত নগাঁও সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ বিজয়ী হৈছিল। পৰৱৰ্তী সময়ত সাংসদ পদৰ পৰা পদত্যাগ কৰি তেওঁ বিজেপিত যোগদান কৰাত নগাঁও লোকসভা আসনখন খালী হয়। সেই খালী আসন পূৰণৰ বাবেই এই উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে।

নগাঁও সমষ্টি পুনৰ দখল কৰাটো কংগ্ৰেছৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে। আনহাতে, বিজেপিয়েও নিজৰ প্ৰাৰ্থীৰ জৰিয়তে সমষ্টিটোত জয় সাব্যস্ত কৰাৰ লক্ষ্যৰে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.

Translate »