বিশ্বনাথত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন আৰু মুকলি ঝুমইৰ প্ৰতিযোগিতা
বিশ্বনাথ জিলাৰ সাধাৰুত দিনজোৰা কাৰ্যসূচীৰে কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান আৰু মুকলি ঝুমইৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মহিলা সমিতিৰ সাধাৰু প্ৰাথমিক গোটৰ যৌথ উদ্যোগত আৰু এচিএম এইচ, সাধাৰু প্ৰাথমিক গোট আৰু সাধাৰুবাসী ৰাইজৰ সহযোগত সাধাৰু খেল পথাৰত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
অনুষ্ঠানত অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰত সুখ্যাতি অৰ্জন কৰা কৃতী ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনোৱাৰ পিচতে সন্ধ্যা চাহ জনগোষ্ঠীৰ পৰম্পৰাগত লোক-সংস্কৃতি ঝুমইৰ নৃত্যৰ মুকলি প্ৰতিযোগিতা আখৰা মুকলি কৰে বিশিষ্ট অতিথি বিশ্বনাথৰ বিধায়ক পল্লৱ লিচন দাসে। অনুষ্ঠিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুনীল তিৰ্কীৰ লগতে বহু কেইগৰাকী আটছা নেতা অংশগ্ৰহণ কৰে ।