নাজিৰাৰ বিমান বৰুৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত বিকি সিঙলৈ আৰক্ষীৰ গুলী
নাজিৰা: নাজিৰাৰ বিহুবৰত সংঘটিত বিমান বৰুৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত তথা ড্ৰাগছ ব্যৱসায়ী বিকি সিঙলৈ আৰক্ষীয়ে গুলীচালনা কৰাৰ ঘটনা সংঘটিত হৈছে। আৰক্ষীৰ ভাষ্য অনুসৰি, আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাৰ সময়তে তেওঁৰ সোঁভৰিত গুলী লাগে।
শুকুৰবাৰে নিশা বিহুবৰৰ ৰঙাজান-বেংগুলী বস্তিত ড্ৰাগছ ব্যৱসায়ীৰ চোকা অস্ত্ৰৰ আঘাতত বিমান বৰুৱাই থিতাতে প্ৰাণ হেৰুৱাইছিল। ঘটনাটোৰ তদন্ত চলাই আৰক্ষীয়ে হত্যাকাণ্ডৰ সৈতে জড়িত মূল অভিযুক্ত বুলি উল্লেখ কৰা বিকি সিঙক নাগালেণ্ডৰ নাগিনীমৰা অঞ্চলৰ পৰা আটক কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ তথ্য অনুসৰি, নাগালেণ্ডৰ পৰা বিকি সিঙক অসমলৈ অনাৰ পিছত হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰৰ বাবে তেওঁক ঘটনাস্থলীলৈ নিয়া হৈছিল। সেই সময়তে আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা কৰে অভিযুক্তগৰাকীয়ে।
পলায়নৰ চেষ্টা কৰাত আৰক্ষীয়ে বিকি সিঙৰ সোঁভৰিত গুলীচালনা কৰে। গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হোৱা বিকি সিঙক পৰৱৰ্তী সময়ত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁক শিৱসাগৰ সদৰ আৰক্ষী থানাত ৰখা হৈছে বুলি জানিব পৰা গৈছে।
ঘটনাটোক কেন্দ্ৰ কৰি আৰক্ষীয়ে বিমান বৰুৱা হত্যাকাণ্ডৰ তদন্ত অধিক তীব্ৰতৰ কৰি তুলিছে। হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ আৰু ঘটনাটোৰ সৈতে জড়িত আন লোকসকলৰ বিষয়ে আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।