আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি
আজি ৰাজ্যজুৰি ভক্তি আৰু আধ্যাত্মিক পৰিৱেশৰ মাজেৰে পালন কৰা হ’ব একশৰণ নামধৰ্মৰ প্ৰৱৰ্তক, জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আৱিৰ্ভাৱ তিথি। আৱিৰ্ভাৱ তিথিক কেন্দ্ৰ কৰি ৰাজ্যৰ সত্ৰ, নামঘৰ আৰু থানসমূহত ইতিমধ্যে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। বিভিন্ন প্ৰান্তৰ নামঘৰসমূহত হৰিনাম, খোল-তাল আৰু ভক্তিগীতেৰে সৃষ্টি হৈছে ভক্তিময় পৰিৱেশ।
মহাপুৰুষগৰাকীৰ জন্মস্থান বটদ্ৰৱা থানৰ লগতে বৰপেটা সত্ৰ আৰু মাজুলীৰ আউনিআটি, কমলাবাৰী, ভোগপুৰ আদি সত্ৰতো কেইবাদিনীয়া কাৰ্যসূচীৰে আৱিৰ্ভাৱ তিথি উদযাপনৰ আয়োজন কৰা হৈছে। পুৱাৰে পৰা ডবা, শংখ, খোল আৰু তালৰ মাংগলিক ধ্বনিৰে মুখৰিত হ’ব সত্ৰসমূহৰ পৰিৱেশ। ধূপ-ধূনাৰ সুবাস, বন্তিৰ পোহৰ আৰু নাম-কীৰ্তনেৰে ভক্তপ্ৰাণ ৰাইজে গুৰুজনাক স্মৰণ কৰিব।
গুৱাহাটী মহানগৰীৰ বিভিন্ন নামঘৰতো আৱিৰ্ভাৱ তিথি উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। পুৱাৰে পৰা ভক্তসকলে নামঘৰত সমবেত হৈ গুৰুজনাৰ শ্ৰীচৰণত সেৱা আগবঢ়োৱাৰ লগতে বন্তি-শৰাই আৰু নৈবেদ্য অৰ্পণ কৰিব।
পৰম্পৰা অনুসৰি ঊষা কীৰ্তন আৰু ভাগৱত ভ্ৰমণৰ জৰিয়তে বহু স্থানত দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভ হ’ব। ইয়াৰ পাছত প্ৰাতঃপ্ৰসংগ, নাম-কীৰ্তন, গুৰু আসনত পুথি প্ৰতিষ্ঠা আৰু মাহ-প্ৰসাদ বিতৰণ কৰা হ’ব। সন্ধিয়া আৰু নিশাৰ কাৰ্যসূচীত বৰগীত, সত্ৰীয়া নৃত্য, অংকীয়া নাট আৰু ভাওনাকে ধৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হ’ব। এই অনুষ্ঠানসমূহৰ জৰিয়তে শংকৰদেৱৰ সৃষ্টিশীল প্ৰতিভা আৰু অসমীয়া বৈষ্ণৱ সংস্কৃতিৰ বিভিন্ন দিশ প্ৰতিফলিত কৰা হ’ব।

ঐতিহাসিক তথ্য অনুসৰি, ১৪৪৯ খ্ৰীষ্টাব্দত বৰদোৱাৰ আলিপুখুৰীত জন্মগ্ৰহণ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। তেওঁৰ পিতৃ আছিল কুসুম্বৰ ভূঞা আৰু মাতৃ সত্যসন্ধা দেৱী। শৈশৱত বুঢ়ীমাক খেৰসুতীয়ে তেওঁক লালন-পালন কৰিছিল। ১২ বছৰ বয়সত মহেন্দ্ৰ কন্দলিৰ টোলত শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা শংকৰদেৱে অতি কম বয়সতে নিজৰ অসাধাৰণ মেধাৰ পৰিচয় দিছিল। বৰ্ণমালাৰ প্ৰাথমিক জ্ঞান আয়ত্ত কৰাৰ পাছতেই ‘কৰতল কমল’ ৰচনা কৰি তেওঁ নিজৰ প্ৰতিভাৰ উমান দিছিল।
পৰৱৰ্তী সময়ত মহেন্দ্ৰ কন্দলিৰ তত্ত্বাৱধানত বেদ, পুৰাণ, সংহিতা, ব্যাকৰণ আৰু দৰ্শনকে ধৰি বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰি শংকৰদেৱে বিদগ্ধ পণ্ডিত হিচাপে প্ৰতিষ্ঠা লাভ কৰে। ঐতিহাসিকভাৱে উল্লেখ পোৱা যায় যে গুৰু মহেন্দ্ৰ কন্দলিয়েই তেওঁক ‘দেৱ’ উপাধি প্ৰদান কৰিছিল।
ধৰ্মীয় আৰু আধ্যাত্মিক ক্ষেত্ৰৰ উপৰি অসমীয়া সাহিত্য, সংস্কৃতি আৰু সমাজজীৱনলৈও শংকৰদেৱৰ অৱদান গভীৰ। তেওঁ একাধাৰে ধৰ্মপ্ৰচাৰক, নাট্যকাৰ, অভিনেতা, কবি, গীতিকাৰ, সুৰকাৰ, চিত্ৰশিল্পী আৰু নৃত্যশিল্পী হিচাপে অসমীয়া সংস্কৃতিক সমৃদ্ধ কৰিছিল। একশৰণ নামধৰ্মৰ প্ৰচাৰৰ জৰিয়তে তেওঁ সমাজত সমতা, ভাতৃত্ববোধ আৰু মানৱীয় মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।
শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি সেয়ে কেৱল ধৰ্মীয় অনুষ্ঠানৰ মাজতে সীমাবদ্ধ নহয়; অসমীয়া জাতিৰ সাহিত্য, সংস্কৃতি আৰু ঐতিহ্যৰ সৈতেও এই দিনটোৰ গভীৰ সম্পৰ্ক আছে। জাতি-বৰ্ণ-ধৰ্মৰ পাৰ্থক্য পাহৰি নামঘৰত একেলগে নাম-কীৰ্তনত অংশগ্ৰহণ আৰু মাহ-প্ৰসাদ গ্ৰহণৰ পৰম্পৰাই আজিও গুৰুজনাৰ সমন্বয় আৰু ভাতৃত্ববোধৰ আদৰ্শক বহন কৰি আহিছে। আৱিৰ্ভাৱ তিথিৰ দিনটোত ৰাজ্যৰ চুকে-কোণে হৰিনাম, বৰগীত, খোল-তাল আৰু ভাওনাৰ ধ্বনিৰ মাজেৰে মহাপুৰুষজনাৰ আদৰ্শ, সৃষ্টি আৰু অসমীয়া সমাজ-সংস্কৃতিলৈ আগবঢ়োৱা অনন্য অৱদানক স্মৰণ কৰিব ৰাজ্যবাসীয়ে।