Your Mic Your Voice

কাইলৈ কাজিৰঙা অভিমুখী হ’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

0

বিশ্বনাথ জিলাৰ উন্নয়নৰ ইতিহাসত আজি সংযোজিত হ’ল এক নতুন সোণালী অধ্যায়।

আজি বিশ্বনাথত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে নৱনিৰ্মিত সংহত জিলা আয়ুক্তৰ কাৰ্যালয় আৰু জিলা ক্ৰীড়া প্ৰকল্পৰ।

উদ্বোধনী অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয়, এখন জিলাৰ প্ৰশাসন শক্তিশালী হ’লেহে ৰাইজে সহজে চৰকাৰী সেৱা পাব। এই নতুন কাৰ্যালয়ৰ জৰিয়তে এতিয়াৰ পৰা বিশ্বনাথবাসীয়ে একেটা স্থানতে সকলো বিভাগৰ কাম সম্পন্ন কৰিব পাৰিব।

ক্ৰীড়া প্ৰকল্পত আধুনিক গেলেৰীৰ ঘোষণা

জিলা ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰি মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰে। কেৱল খেলপথাৰেই নহয়, দৰ্শকৰ বাবে নিৰ্মাণ কৰা হ’ব এটা আধুনিক গেলেৰীও। ইয়াৰ ফলত বিশ্বনাথত এতিয়া ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ ডাঙৰ ডাঙৰ প্ৰতিযোগিতা পাতিব পৰা যাব। বিশ্বনাথৰ যুৱক-যুৱতীয়ে ইয়াতে অনুশীলন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

unimex

বিশ্বনাথক ৰাজ্যৰ অন্যতম উন্নত আৰু মডেল জিলা হিচাপে গঢ়ি তোলাই চৰকাৰৰ লক্ষ্য বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কয়। পথ, শিক্ষা, স্বাস্থ্য আৰু ক্ৰীড়া – সকলো দিশতে আগন্তুক দিনত আৰু বেছি উন্নয়ন হ’ব।

কাজিৰঙাৰ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ

আনহাতে, অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ ৰঙাজানত হোৱা মৰ্মান্তিক পথ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰে।

তেওঁ কয় –
“মই কাইলৈ কাজিৰঙালৈ যাম। এই দুৰ্ঘটনা কেনেকৈ হ’ল, কি কাৰণে হ’ল, তাৰ উচিত তদন্ত চৰকাৰে কৰিব।”

দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ উলিয়াবলৈ চৰকাৰে কঠোৰ পদক্ষেপ ল’ব বুলি তেওঁ ৰাইজক আশ্বাস দিয়ে।

Leave A Reply

Your email address will not be published.

Translate »